UP Election 2022- উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিৰ বাবে আহিছে ইটোৰ পিছত সিটো বেয়াখবৰ। UP Election 2022- উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিৰ বাবে আহিছে ইটোৰ পিছত সিটো বেয়াখবৰ। উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি এৰিছে ইজনৰ পিছত সিজন মন্ত্ৰী তথা বিধায়কে। বিজেপি বিধায়ক তথা আয়ুষ মন্ত্ৰী ড০ ধৰম সিং চাইনীৰ পদত্যাগে জোকাৰিছে ৰাজ্য।
ইয়াৰ লগতে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে কয় যে, 'সামাজিক ন্যায়'ৰ আন এজন যোদ্ধা ড০ ধৰম সিং চাইনীজীৰ আগমনে আমাৰ "ইতিবাচক আৰু প্ৰগতিশীল ৰাজনীতি"ক আৰু অধিক উৎসাহ আৰু শক্তি প্ৰদান কৰিছে। ডা০ সিঙক সমাজবাদী পাৰ্টিলৈ স্বাগতম আৰু অভিনন্দন! ২০২২ত সামগ্ৰিক-সম্প্ৰীতিৰ বিজয় নিশ্চিত!'
উল্লেখ্য যে, এতিয়ালৈকে, বিজেপিৰ ৩ জন মন্ত্ৰী আৰু ১১ জন বিধায়কে পদত্যাগ কৰিছে। যাৰ ভিতৰত আছে স্বামী প্ৰসাদ মৌৰ্য আৰু দাৰা সিং চৌহানৰ দৰে ডাঙৰ নেতাৰ নাম।
ড০ ধৰম সিং চাইনীয়ে তেওঁৰ পদত্যাগপত্ৰত লিখিছে, "মই আয়ুষ (স্বতন্ত্ৰ দায়িত্ব) মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলো আৰু মনোযোগেৰে দায়িত্ব পালন কৰিছিলো। কিন্তু দলিত, পিছপৰা লোক, কৃষক, শিক্ষিত নিবনুৱা, ক্ষুদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ ব্যৱসায়ীসকলে যি প্ৰত্যাশাৰে একেলগে কাম কৰি বিজেপিক ক্ষমতালৈ আনিছিল। সেই প্ৰত্যাশা পূৰণত বিফল হৈছে। বাৰে বাৰে বিজেপিয়ে উপেক্ষা কৰিছে জনতাক। গতিকে মই ইউপি মন্ত্ৰীমণ্ডলৰ পৰা পদত্যাগ কৰিছো।'
উল্লেখ্য যে, প্ৰথমে স্বামী প্ৰসাদ মৌৰ্যই যোগী আদিত্যনাথৰ কেবিনেটৰ পৰা পদত্যাগ কৰিছিল। লগতে বিজেপিৰ আৰু বহু নেতাই দল ত্যাগ কৰাৰো ইংগিত দিছিল। সূত্ৰ অনুসৰি, বিজেপিৰ আৰু দুই তিনিজন মন্ত্ৰী, পাঁচ-ছয়গৰাকী বিধায়কে বিজেপি দল ত্যাগ কৰি সমাজবাদী পাৰ্টীত যোগদান কৰাৰ সম্ভাৱনা আছে।
Published by: Himangshu Bhuyan
First published: January 13, 2022, 15:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|