নুছৰাত জাহানে মংগলসূত্ৰ পিন্ধাকলৈ ‘ফটোৱা’, বিজেপি নেত্ৰীয়ে দিলে বিতৰ্কিত প্ৰত্যুত্তৰ

মংগলসুত্ৰ পিন্ধিলে ‘হাৰাম’, কিন্তু হিন্দু যুৱতীয়ে বোৰ্খা পিন্ধিলে ‘শুদ্ধ’! সাধ্বী প্ৰাচীৰ মন্তব্যকলৈ বিতৰ্ক

News18-Assam
Updated:June 28, 2019, 5:08 PM IST
নুছৰাত জাহানে মংগলসূত্ৰ পিন্ধাকলৈ ‘ফটোৱা’, বিজেপি নেত্ৰীয়ে দিলে বিতৰ্কিত প্ৰত্যুত্তৰ
মংগলসুত্ৰ পিন্ধিলে ‘হাৰাম’, কিন্তু হিন্দু যুৱতীয়ে বোৰ্খা পিন্ধিলে ‘শুদ্ধ’! সাধ্বী প্ৰাচীৰ মন্তব্যকলৈ বিতৰ্ক
News18-Assam
Updated: June 28, 2019, 5:08 PM IST
সাধ্বী প্ৰাচীয়ে কয় যে  মুছলমান যুৱতীয়ে হিন্দু যুৱকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ মংগলসূত্ৰ আৰু ফুট ল’লে ‘হাৰাম’ কিন্তু যদি ‘লাভ জেহাদ’ ৰ জৰিয়তে হিন্দু যুৱতীক বিয়া কৰাই বোৰ্খা পিন্ধিবলৈ দিলে সেইয়া শুদ্ধ।

এনেদৰে বিজেপি নেত্ৰী সাধ্বী প্ৰাচীয়ে অভিনেত্ৰী তথা সাংসদ নুছৰাত জাহানৰ সন্দৰ্ভত ডেৱবণ্ডৰ মৌলবীয়ে দিয়া মন্তব্যৰ বিৰোধীতা কৰি এনেদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। অভিনেত্ৰী নুসৰাতে বিয়াৰ পিছত মংগলসূত্ৰ পিন্ধাক কেন্দ্ৰ কৰি ডেবৱণ্ডৰ মৌলবীয়ে ফটোৱা জাৰি কৰিছিল। কৈছিল যে মুছলমান যুৱতীয়ে হিন্দু যুৱকৰ সৈতে বিয়া হলেও যদি মংগলসুত্ৰ বা ফুট লৈ তেন্তে ই ইছলামধৰ্ম বিদ্বেষী।সেইদৰে মৌলানা গৰাকীয়ে তিনি তালাকৰ বিষয়তো কৰে এক বিতৰ্কিত মন্তব্য।

শুকুৰবাৰে মৌলানাজনৰ এনে মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপি নেত্ৰী সাধ্বী প্ৰাচীয়ে। কান্ধলা থানাৰ অন্তৰ্গত এটা অঞ্চলত এখন সভাত অংশগ্ৰহণ কৰিবলৈ যাওতে এনে মন্তব্য কৰে বিজেপিৰ নেত্ৰীগৰাকীয়ে।



উল্লেখযোগ্য যে কলিকতাৰ ব্যৱসায়ী নিখিল জৈনৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত নুছৰাত জাহানে মংগলসূত্ৰ পিন্ধাৰ লগতে ফুটলৈ সংসদলৈ গৈছিল। পিছত নুছৰাতৰ এই ন–বোৱাৰীৰ সাজ ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত।
আৰু চাওক পৰৱৰ্তী বাতৰি