26/11ৰ শ্বহীদ হেমন্ত কাৰকাৰেক উপহাস সাধ্বী প্ৰজ্ঞা ঠাকুৰৰ, শাওপাতৰ কাৰণেহে মৃত্যু হোৱাৰ দাবী

মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত চৰম বলিদান দিয়া এটিএছৰ মুৰব্বী হেমন্ত কাৰকাৰেক মৰণোত্তৰ ভাৱে প্ৰদান কৰা হৈছিল অশোক চক্ৰ। দেশমাতৃৰ বীৰ জোৱানজনৰ এই সাহসিকতাক নস্যাৎ কৰি প্ৰজ্ঞা ঠাকুৰৰ ভৎৰ্সনা। ‘অসহনীয়’ অত্যাচাৰ কৰা হেমন্ত কাৰকাৰেক দিয়া শাওপাত ফলিওৱাৰ দাবী।

news18
Updated:April 19, 2019, 5:06 PM IST
26/11ৰ শ্বহীদ হেমন্ত কাৰকাৰেক উপহাস সাধ্বী প্ৰজ্ঞা ঠাকুৰৰ, শাওপাতৰ কাৰণেহে মৃত্যু হোৱাৰ দাবী
মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত চৰম বলিদান দিয়া এটিএছৰ মুৰব্বী হেমন্ত কাৰকাৰেক মৰণোত্তৰ ভাৱে প্ৰদান কৰা হৈছিল অশোক চক্ৰ। দেশমাতৃৰ বীৰ জোৱানজনৰ এই সাহসিকতাক নস্যাৎ কৰি প্ৰজ্ঞা ঠাকুৰৰ ভৎৰ্সনা। ‘অসহনীয়’ অত্যাচাৰ কৰা হেমন্ত কাৰকাৰেক দিয়া শাওপাত ফলিওৱাৰ দাবী।
news18
Updated: April 19, 2019, 5:06 PM IST
মালেগাওঁ বোমা বিস্ফোৰণ কাণ্ডৰ অভিযুক্ত সাধ্বী প্ৰজ্ঞা ঠাকুৰক গেৰুৱা দলটোৱো ভূপালৰ পৰা টিকট দিয়াৰ পিছতে নিৰ্বাচনী প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে তেওঁ। কিন্তু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মুম্বাই আক্ৰমণৰ বীৰ শ্বহীদক অপমান কৰি পুনৰ বিতৰ্কত সোমাই পৰিছে সাধ্বীগৰাকী। সাধ্বী প্ৰজ্ঞা ঠাকুৰৰ মতে তেওঁ দিয়া শাওপাতৰ বাবেহে হেমন্ত কাৰকাৰেৰ মৃত্যু ঘটিল। ভূপালত দলীয় কৰ্মকৰ্তাক সম্বোধন কৰি দিয়া ভাষণত সাধ্বী প্ৰজ্ঞা ঠাকুৰে মালেগাওঁ বোমা কাণ্ডৰ বাবে গ্ৰেপ্তাৰ কৰাৰ পিছত চলোৱা ‘অমানুষিক’ অত্যাচাৰৰ প্ৰসংগ উত্থাপন কৰি আৱেগিক পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। প্ৰজ্ঞা ঠাকুৰৰ মতে তেওঁ সেই অসহনীয় অত্যাচাৰৰ বাবে মুম্বাইৰ সন্ত্ৰাসবাদ বিৰোধী গোটৰ প্ৰাক্তন মুৰব্বী হেমন্ত কাৰকাৰেক সবংশে নিপাত যাবলৈ শাও দিছিল। প্ৰজ্ঞা ঠাকুৰৰ দাবী এই শাওপাত কম সময়ৰ ভিতৰতে ফলিয়ালে আৰু হেমন্ত কাৰকাৰেৰ মৃত্যু হ’ল। উল্লেখযোগ্য যে ২০০৮চনত মালেগাওঁ বিস্ফোৰণত ছজন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ৰো অধিক লোক আহত হৈছিল। এই বোমা কাণ্ডৰ অভিযুক্ত সাধ্বী প্ৰজ্ঞা ঠাকুৰ বৰ্তমান জামিনত আছে শাসকীয় দলৰ টিকটত ভূপালৰ পৰা লোকসভাত প্ৰতিদ্বন্দিতা কৰিছে। মালেগাওঁ বিস্ফোৰণৰ পিছতে এটিএছে সাধ্বী প্ৰজ্ঞা ঠাকুৰক গ্ৰেপ্তাৰ কৰিছিল, উগ্ৰ হিন্দুত্ববাদী সংগঠনৰ আঁৰত সাধ্বীয়ে এই ভয়াৱহ অপৰাধ সংঘটিত কৰাৰ অভিযোগত এতিয়াও গোচৰ চলি আছে। নিজকে নিৰ্দোষী বুলি দাবী কৰাৰ পিছতো হেমন্ত কাৰকাৰেই প্ৰশ্নৰে তেওঁক ব্যতিব্যস্ত কৰি অত্যাচাৰ চলোৱাৰ অভিযোগ সাধ্বী প্ৰজ্ঞা ঠাকুৰৰ। এই অসহনীয় অত্যাচাৰৰ বাবেই সাধ্বীয়ে হেমন্ত কাৰকাৰেক শাওপাত দিয়াৰ দাবী কৰে। "মই কৈছিলো তোৰ সৰ্বনাশ হ’ব’, আৰু সেয়াই হ’ল।" সাধ্বী প্ৰজ্ঞা ঠাকুৰৰ মতে হেমন্ত কাৰকাৰেই তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা অশুভ সময় আৰম্ভ হৈছিল আৰু ঠিক ৪৫ দিনৰ পিছতে তেওঁৰ মৃত্যু হৈছিল।
প্ৰজ্ঞা ঠাকুৰৰ এই চৰম অসংবেদনশীল মন্তব্যক লৈ দেশৰ ৰাজনীতি তোলপাৰ হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি