বিজেপিৰ তিনিগৰাকী জ্যেষ্ঠ নেতাৰ মৃত্যুৰ কাৰণ হেনো বিৰোধী!

ভূপালৰ সাংসদ সাধ্বী প্ৰজ্ঞাৰ যুক্তি, বিৰোধীয়ে বিজেপিৰ বিৰুদ্ধে কৰিছে যাদু

News18-Assam
Updated:August 26, 2019, 9:45 PM IST
বিজেপিৰ তিনিগৰাকী জ্যেষ্ঠ নেতাৰ মৃত্যুৰ কাৰণ হেনো বিৰোধী!
Sadhvi Pragya
News18-Assam
Updated: August 26, 2019, 9:45 PM IST
শেহতীয়াকৈ বিজেপিদলৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই মৃত্যুবৰণ কৰে। কিন্তু এই মৃত্যুৰ প্ৰকৃত কাৰণ কি জানেনে? এগৰাকী ‘ধাৰ্মিক’ বিজেপি সাংসদে কিন্তু জানে, কিয় মৃত্যু হৈছে বিজেপিৰ তিনিগৰাকী জ্যেষ্ঠ নেতাৰ! তেখেতৰ যুক্তি শুনিলে আপোনাৰ চকু কঁপালত উঠিব!

কেইদিনামন পূৰ্বে বিজেপিৰ জ্যেষ্ঠ নেত্ৰী সুষমা স্বৰাজৰ মৃত্যু হৈছিল, সেইদৰে যোৱা ২৪ আগষ্ট তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে। এনেদৰে অতি কম সময়ৰ ব্যৱধানত বিজেপিৰ বৰেণ্য নেতা কেইগৰাকীৰ মৃত্যুৰ কাৰণ বোলে বিৰোধী!বিৰোধীয়ে ক'লাযাদু কৰাৰ বাবেই এগৰাকীৰ পাছত আন এগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতাৰ মৃত্যু হৈছে। এনে ধৰণৰ কাণ্ডজ্ঞানহীন মন্তব্য কৰিছে বিজেপিৰ ভূপাল লোকসভা সমষ্টিৰ সাংসদ সাধ্বী প্ৰজ্ঞাৰ।

এফালে প্ৰধানমন্ত্ৰীৰ  মুখত ডিজিটেল ইণ্ডিয়াৰ কথা, আধুনিক ভাৰতবৰ্ষৰ কথা, আন ফালে দলৰে সাংসদৰ এনে কাণ্ড জ্ঞানহীন মন্তব্যই এতিয়া দেশৰ ৰাজনীতিত বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি