শাৰীৰিক নিৰ্যাতন! খোদ ৰাম জন্মভূমিতে নাবালকৰ যৌনাংগ কাটি দিয়াৰ অপচেষ্টা ৰামসেৱক সাধুবাবাৰ

ৰামসেৱক দাস নামৰ এজন সাধুবাবাই অযোধ্যাত নিজৰ আশ্ৰম নিৰ্মাণ কৰিছিল। সেই আশ্ৰমতে ভজন আৰু সংস্কৃতিৰ শিক্ষা দিছিল বাবাই।
ৰামসেৱক দাস নামৰ এজন সাধুবাবাই অযোধ্যাত নিজৰ আশ্ৰম নিৰ্মাণ কৰিছিল। সেই আশ্ৰমতে ভজন আৰু সংস্কৃতিৰ শিক্ষা দিছিল বাবাই।
- News18 Assam
- Last Updated: August 20, 2020, 8:12 PM IST
ৰামসেৱক দাস নামৰ এজন সাধুবাবাই অযোধ্যাত নিৰ্মাণ কৰিছিল নিজৰ এখন আশ্ৰম। আশ্ৰমত দিয়া হয় ভজন আৰু সংস্কৃতৰ শিক্ষা। কিন্তু আশ্ৰমখনত শিক্ষাগ্ৰহণৰ বাবে অহা এজন নাবালকক যৌন উত্পীড়ন চলোৱাৰ অপচেষ্টা কৰে সাধুবাবাই। ১৪ বছৰীয়া নাবালকজনৰ অভিযোগ, প্ৰতিদিনাই যৌন উত্পীড়ন চলোৱাৰ চেষ্টা কৰে ভণ্ড বাবাই। আৰু বাবাক বাধা দিয়াৰ চেষ্টা কৰিলেই যৌনাংগ কাটি দিয়াৰ ভাবুকি দিয়ে।
এদিন ছেগ বুলি আশ্ৰমৰ পৰা পলাই আহি নাবালক জনে অভিভাৱকৰ আগত উদঙাই দিয়ে ভণ্ডবাবাৰ কু-কীৰ্তি। পিছত অভিভাৱকে আৰক্ষী চকীত বাবাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰামদাস নামৰ সাধুবাবাক। আৰক্ষীৰ ফালৰ পৰা জনোৱা মতে, বহু সৰু সৰু ল’ৰাক আশ্ৰমত ধৰ্মীয় শিক্ষা দিয়াৰ নামত যৌন নিৰ্যাতন চলাই আহিছে ভণ্ড ৰামসেৱক দাসে।