‘দুখ লাগিছে সহ্য কৰিছো, ল’ৰাটোৱে দেশৰ বাবে প্ৰাণ বিসৰ্জন দিলে, আমি গৰ্বিত’- পুত্ৰ শোকৰ মাজতো শ্বহীদৰ মাতৃয়ে ক’লে এনেদৰে

News18 Assam | News18-Assam
Updated:June 17, 2020, 4:40 PM IST
‘দুখ লাগিছে সহ্য কৰিছো, ল’ৰাটোৱে দেশৰ বাবে প্ৰাণ বিসৰ্জন দিলে, আমি গৰ্বিত’- পুত্ৰ শোকৰ মাজতো শ্বহীদৰ মাতৃয়ে ক’লে এনেদৰে
বৃহস্পতিবাৰে তেলেংগানাৰ সূৰ্যপেটত ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব শ্বহীদগৰাকীৰ।

বৃহস্পতিবাৰে তেলেংগানাৰ সূৰ্যপেটত ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব শ্বহীদগৰাকীৰ।

  • Share this:
লাডাখ সীমান্তত চীন সেনাৰ আক্ৰমণত শ্বহীদ হ’ল বিহাৰৰ ১৬ ৰেজিমেণ্টৰ কামাণ্ডিং অফিচাৰ কৰ্নেল সন্তোষ বাবু। বৃহস্পতিবাৰে তেলেংগানাত শ্বহীদ সন্তোষ বাবুৰ শেষকৃত্য সম্পন্ন হ’ব। পুত্ৰ শোকত এতিয়া মাতৃয়ে ক’লে- ‘আমাৰ সন্তানকলৈ আমি গৰ্বিত, দেশৰ বাবে প্ৰাণ বিসৰ্জন দিছে। দুখ লাগিছে সহ্য কৰিছো।’

বৃদ্ধা মাতৃ গৰাকীয়ে লগতে কয় যে, ‘মাক হিচাপে মই শোকাহত। কিন্তু আমি গৰ্বিত। কাৰণ আমাৰ সন্তানে দেশৰ বাবে প্ৰাণ বিসৰ্জন দিছে। যোৱা নিশাই বোৱাৰীয়ে কথাটো গম পাইছিল। কিন্তু মোক আজিহে কৈছে।’ সন্তোষ বাবুৰ মৃত্যুত শোক প্ৰকাশ কৰিছে তেলেংগানাৰ ৰাজ্যপাল সুন্দৰৰাজনৰ।

উল্লেখযোগ্য যে,  সোমবাৰে নিশা লাডাখৰ গলৱান উপত্যকাত চীন–ভাৰতৰ ৰক্তক্ষয়ী যুদ্ধ চলে। নিশাৰ অন্ধকাৰত আঠ ঘণ্টা ধৰি পাথৰ আৰু ৰ’ডেৰে চলে আক্ৰমণ। কাঁটাতাৰ লগোৱা লাঠিৰে একেৰাহে আঘাত কৰে বহুজনক। চীনৰ লিবাৰেশ্যন আৰ্মীৰ এই অতৰ্কিত আক্ৰমণত মৃত্যু হয় কৰ্নেল সন্তোষ বাবু।
First published: June 17, 2020, 1:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading