মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»‘এই সময় জন্মদিন উদযাপন কৰাৰ বাবে নহয়’- ৪৭ বছৰ বয়সত ভৰি দিলে শচীন টেণ্ডুলকাৰে

‘এই সময় জন্মদিন উদযাপন কৰাৰ বাবে নহয়’- ৪৭ বছৰ বয়সত ভৰি দিলে শচীন টেণ্ডুলকাৰে

News18 Assam | News18-Assam
Updated:April 24, 2020, 4:02 PM IST
‘এই সময় জন্মদিন উদযাপন কৰাৰ বাবে নহয়’- ৪৭ বছৰ বয়সত ভৰি দিলে শচীন টেণ্ডুলকাৰে
৪৭ বছৰ বয়সত ভৰি দিলে মাষ্টাৰ-ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰে

৪৭ বছৰ বয়সত ভৰি দিলে মাষ্টাৰ-ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰে

  • Share this:
৪৭ বছৰ বয়সত ভৰি দিলে মাষ্টাৰ-ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰে। জন্মদিনৰ দিনা এইবাৰ শচীনে পত্নী অঞ্জলী টেণ্ডুলকাৰ আৰু দুই সন্তানৰ সৈতে কটালে সময়। কোৰোণা ভাইৰাছৰ এনে সন্ত্ৰাসৰ সময়ত শচীন টেণ্ডুলকাৰে নিজৰ জন্মদিন উদযাপন নকৰাৰ সিদ্ধান্ত লৈছিল। শচীনে কৈছিল যে, ‘ এই সময় মোৰ জন্মদিন উদযাপনৰ বাবে নহয়। মই মোৰ জন্মদিন এইবাৰ চিকিত্‍সক, নাৰ্ছ, আৰক্ষী, সামৰিক বাহিনীত কৰ্মৰত সকলৰ বাবে উচৰ্গা কৰিছো।’

শচীন টেণ্ডুলকাৰে লগতে কয় যে, ‘ল’ক ডাউনে এতিয়া সকলোকে পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুবিধা দিছে। গতিকে আমি সকলোৱে ল’ক ডাউনক পজিটি’ভ হিচাপেই ল’ব লাগে। ল’ক ডাউনৰ বাবেই এতিয়া সন্তানৰ সৈতে সময় পাৰ কৰাৰ সুবিধা পাইছো।’

উল্লেখযোগ্য যে, শচীন টেণ্ডুলকাৰে ১৬ বছৰ বসয়তে পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন মেচত ভাগ লৈছিল। আৰু সেয়াই আছিল আৰম্ভণি। ২০১২ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা টেণ্ডুলকাৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো অভিলেখ নিজৰ নামত লিখা শচীন টেণ্ডুলকাৰ বৰ্তমানো ক্ৰিকেটৰ সৈতেই জড়িত হৈ আছে।
Published by: Himangshu Bhuyan
First published: April 24, 2020, 4:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি