কংগ্ৰেছৰ অধ্যক্ষ পদৰ দৌৰত সকলোতকৈ আগত শচীন পাইলট, তালিকাত আছে জ্যোতিৰাদিত্য সিন্ধিয়াৰ নামো

পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে দাবী কৰিছিল যে দলক যুৱ শক্তিয়ে নেতৃত্ব দিয়ক।

News18
Updated:July 6, 2019, 6:51 PM IST
কংগ্ৰেছৰ অধ্যক্ষ পদৰ দৌৰত সকলোতকৈ আগত শচীন পাইলট, তালিকাত আছে জ্যোতিৰাদিত্য সিন্ধিয়াৰ নামো
পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে দাবী কৰিছিল যে দলক যুৱ শক্তিয়ে নেতৃত্ব দিয়ক।
News18
Updated: July 6, 2019, 6:51 PM IST
কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰ ৰাহুল গান্ধীয়ে পদত্যাগ কৰাৰ পিছত এই পদৰ বাবে চৰ্চাত উঠিছে ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰী শচীন পাইলটৰ নাম। মধ্য প্ৰদেশৰ কংগ্ৰেছ নেতা আৰু নিৰ্বাচনত পশ্চিম উত্তৰ প্ৰদেশৰ দায়িত্ব গ্ৰহণ কৰা জ্যোতিৰাদিত্য সিন্ধিয়াৰ নামো পদৰ বাবে বিবেচনা কৰা হৈছে।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে দাবী কৰিছে যে দলক যুৱ শক্তিয়ে নেতৃত্ব দিয়ক। মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিছিল যে কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে যুৱ চেহেৰাক নেতৃত্বৰ বা বে গুৰুত্ব প্ৰদান কৰিব লাগে। উল্লেখযোগ্য যে অধ্যক্ষ পদৰ বাবে তেওঁৰ নামো চৰ্চালৈ আহিছিল আৰু তাৰ পিছতে তেওঁ এই মন্তব্য কৰে।

তেওঁ টুইট কৰে যে –ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰীয় অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাটো দুৰ্ভাগ্যজনক কিন্তু এতিয়া চিডব্লিউচিৰ নেতাসকলে যুৱ চেহেৰাক অধ্যক্ষৰূপে নিৰ্বাচন কৰিব লাগে। 

অৱশ্যে কেপ্তেইন অমৰিন্দৰ সিঙৰ এই প্ৰস্তাৱত বহু জ্যেষ্ঠ নেতাই একো মন্তব্য কৰা নাই।
আৰু চাওক পৰৱৰ্তী বাতৰি