• Home
  • »
  • News
  • »
  • nation
  • »
  • ১ ডিচেম্বৰৰ পৰা সলনি হ’ব টকা–পইচা সম্বন্ধীয় এই চাৰিটা নিয়ম, সুবিধাৰ কাৰণে জানক

১ ডিচেম্বৰৰ পৰা সলনি হ’ব টকা–পইচা সম্বন্ধীয় এই চাৰিটা নিয়ম, সুবিধাৰ কাৰণে জানক

RTGS, ৰে’লৱে তথা গেছ চিলিণ্ডাৰৰ সৈতে জৰিত একাধিক নিয়ম সলনি হ’বলৈ গৈ আছে যাৰ প্ৰভাৱ পোনে পোনে সাধাৰণ মানুহৰ জীৱনৰ ওপৰত পৰিব।

RTGS, ৰে’লৱে তথা গেছ চিলিণ্ডাৰৰ সৈতে জৰিত একাধিক নিয়ম সলনি হ’বলৈ গৈ আছে যাৰ প্ৰভাৱ পোনে পোনে সাধাৰণ মানুহৰ জীৱনৰ ওপৰত পৰিব।

RTGS, ৰে’লৱে তথা গেছ চিলিণ্ডাৰৰ সৈতে জৰিত একাধিক নিয়ম সলনি হ’বলৈ গৈ আছে যাৰ প্ৰভাৱ পোনে পোনে সাধাৰণ মানুহৰ জীৱনৰ ওপৰত পৰিব।

  • Share this:
নতুন দিল্লী: ১ ডিচেম্বৰ ২০২০ৰ পৰা সাধাৰণ মানুহৰ জীৱনৰ সৈতে সংযুক্ত একাধিক নিয়ম সলনি হ’বলৈ গৈ আছে। ইয়াৰ ভিতৰত RTGS, ৰে’লৱে তথা গেছ চিলিণ্ডাৰৰ সৈতে জৰিত একাধিক নিয়ম সলনি হ’বলৈ গৈ আছে যাৰ প্ৰভাৱ পোনে পোনে সাধাৰণ মানুহৰ জীৱনৰ ওপৰত পৰিব। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই (RBI) RTGS সংক্রান্তীয় নিয়ম সলনি কৰিছে।  এই নিয়ম কেচ লেনদেনৰ সৈতে জৰিত কৰিছে। ইয়াৰ বাহিৰে চৰকাৰী তৈল কোম্পানীয়ে প্ৰতি মাহে গেছৰ দাম আপডেট কৰে। গতিকে চাওক কি কি নিয়ম সলনি হ’ব–

১. RTGSৰ সুবিধা- বছৰৰ শেষৰটো মাহ অর্থাৎ ডিচেম্বৰত বেংকত টকা লেনদেন সংক্ৰান্তীয় নিয়ম সলনি কৰা হৈছে। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই RTGS 24x7x365 কৰাৰ কথা ঘোষণা কৰিছে। ডিচেম্বৰ ২০২০ ৰ পৰা এই নিয়ম বলৱৎ কৰা হৈছে। অৰ্থাৎ এতিয়াৰ পৰা RTGS ৰ জৰিয়তে ২৪ ঘণ্টাই টকাৰ লেনদেন কৰিব পাৰিব। বর্তমান মাহৰ দ্বিতীয় তথা চতুর্থ শণিবাৰৰ বাহিৰে সকলো ৱৰ্কিং দিনত পুৱা সাত বজাৰ পৰা সন্ধিয়া ছয় বজালৈকে RTGS সেৱাৰ লাভ উঠাব পাৰি।

২. প্রিমিয়ামৰ ক্ষেত্ৰত সাল–সলনি কৰিব পাৰে– এতিয়াৰ পৰা ৫ বছৰৰ পলিচী হোল্ডাৰসকলে প্ৰিমিয়ামৰ টকা ৫০ শতাংশ পর্যন্ত কমাব পাৰে।

৩. ১ ডিচেম্বৰৰ পৰা চলিব একাধিক নতুন ট্ৰেন–ভাৰতীয় ৰে’লৱেই পহিলা ডিচেম্বৰৰ পৰা একাধিক নতুন ট্ৰেনৰ সেৱা আৰম্ভ কৰিব। কোৰোণা সংকটৰ কাৰণে একাধিক স্পেচিয়েল ট্ৰেন চলি আছে। পহিলা ডিচেম্বৰৰ পৰা আকৌ নতুনকৈ কেবাখনো ট্ৰেন আৰম্ভ হ’ব। ইয়াৰ মাজত আছে ঝিলাম এক্সপ্ৰেছ তথা পঞ্জাৱ মেইল।

৪. সলনি হ’ব ৰন্ধন গেছৰ দাম- প্রত্যেক মাহৰ প্ৰথম দিনটোত গেছ চিলিণ্ডাৰৰ দাম সলনি কৰা হয়। সেইমতে ১ ডিচেম্বৰতো দেশজুৰি ৰন্ধন গেছৰ দাম সলনি হ’ব। বিগত মাহত অৱশ্যে দামৰ কোনো সাল–সলনি হোৱা নাছিল।
First published: