உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ১১ এপ্ৰিললৈকে দেশত অপচয় ৪৫ লাখ কোৰোণা ভেকছিন ! অপচয়ৰ শীৰ্ষত দেশৰ এই ৫খন ৰাজ্য, জানক অসমত কিমান ভেকছিন এনেই গ’ল!

    ১১ এপ্ৰিললৈকে দেশত অপচয় ৪৫ লাখ কোৰোণা ভেকছিন ! অপচয়ৰ শীৰ্ষত দেশৰ এই ৫খন ৰাজ্য, জানক অসমত কিমান ভেকছিন এনেই গ’ল!

    Wastage of Corona Vaccine :কোভিদ ভেকছিন অপচয়ৰ শীৰ্ষত আছে তামিলনাডু, হাৰিয়ানা, পঞ্জাৱ, মণিপুৰ আৰু তেলেংগানা । ভেকছিনৰ ওপৰত দাখিল কৰা এক RTI প্ৰতিবেদনৰ উত্তৰত ওলাইছে এই আচৰিত পৰিসংখ্যা ।

    Wastage of Corona Vaccine :কোভিদ ভেকছিন অপচয়ৰ শীৰ্ষত আছে তামিলনাডু, হাৰিয়ানা, পঞ্জাৱ, মণিপুৰ আৰু তেলেংগানা । ভেকছিনৰ ওপৰত দাখিল কৰা এক RTI প্ৰতিবেদনৰ উত্তৰত ওলাইছে এই আচৰিত পৰিসংখ্যা ।

    Wastage of Corona Vaccine :কোভিদ ভেকছিন অপচয়ৰ শীৰ্ষত আছে তামিলনাডু, হাৰিয়ানা, পঞ্জাৱ, মণিপুৰ আৰু তেলেংগানা । ভেকছিনৰ ওপৰত দাখিল কৰা এক RTI প্ৰতিবেদনৰ উত্তৰত ওলাইছে এই আচৰিত পৰিসংখ্যা ।

    • Share this:
    কোৰোণা ভেকছিনৰ নাটনিৰ খবৰৰ মাজতে প্ৰকাশ পাইছে আন এক উদ্বেগজনক তথ্য৷। খবৰ অনুসৰি ১১ এপ্ৰিললৈকে ভাৰতত প্ৰায় ৪.৫ নিযুত অৰ্থাৎ ৪৫ লাখ কোভিদ-১৯ ভেকছিনৰ অপচয় কৰা হৈছে । এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ভেকছিন অপচয়ৰ এই ক্ষেত্ৰত শীৰ্ষস্থানত আছে দেশৰ পাঁচখনকৈ ৰাজ্য । ভেকছিনৰ ওপৰত দাখিল কৰা এটা RTI প্ৰতিবেদনৰ উত্তৰত প্ৰকাশ পাইছে এই আচৰিত পৰিসংখ্যা যে ৰাজ্যসমূহে ব্যৱহাৰ কৰা ১০.৩৪ কোটি ভেকছিন ড’জৰ ৪৪.৭৮ লাখ ড’জেই অপচয় কৰা হৈছে।

    এফালে যদি দেশৰ বহু ৰাজ্যই ভেকছিনৰ অভাৱৰ দৰে পৰিস্থিতিৰ সন্মুখীন হৈছে, আনফালে আকৌ একাংশ ৰাজ্যই এনেদৰে ভেকছিন অপচয়ৰ ক্ষেত্ৰত নিৰন্তৰ গতিৰে আগবঢ়া কাৰ্য হতচকিত কৰিছে সকলোকে । শেহতীয়া RTI প্ৰতিবেদনৰ তথ্য অনুসৰি দিশত ১১ এপ্ৰিললৈকে ৪৪.৭৮ লাখ ভেকছিনৰ ড’জ অপচয় কৰা হৈছে আৰু এইক্ষেত্ৰত শীৰ্ষস্থানত আছে তামিলনাডু ৷ ৰাজ্যখনত ১১ এপ্ৰিললৈকে ১২.১০% ভেপছিনৰ ড’জ অপচয় হৈছে ।

    দ্বিতীয়তে ৯.৭৪% অপচয়ৰ সৈতে আছে হাৰিয়ানা । ইয়াৰ পিছতে পঞ্জাৱত ৮.১২%, মণিপুৰত ৭.৮০% আৰু তেলেংগানাত ৭.৫৫% ভেকছিন অপচয় হৈছে।

    আনহাতে দেশত এনে কিছুমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলো আছে য'ত ভেকছিনৰ কোনোধৰণৰ অপচয় কৰা হোৱা নাই । প্ৰাপ্ত তথ্য অনুসৰি, কেৰালা, পশ্চিম বংগ, হিমাচল প্ৰদেশ, মিজোৰাম, গোৱা, দমন আৰু দিউ, আন্দামান আৰু নিকোবৰ দ্বীপ আৰু লক্ষদ্বীপত কোনোধৰণৰ ভেকছিন অপচয় কৰা হোৱা নাই। দিশত ১৬ জানুৱাৰীৰ পৰা ভেকছিন কাৰ্যসূচী আৰম্ভ হৈছিল আৰু সম্প্ৰতি ৪৫ বছৰতকৈ অধিক বয়সৰ লোকসকলকহে দেশত টীকাকৰণ কৰা হৈছে।

    অন্ধ্ৰ প্ৰদেশ: ১,১৭,৭৩৩
    অসম: ১,২৩,৪১৪
    বিহাৰ: ৩,৩৭,৭৬৯
    ছত্তীশগড়: ১.৪৫ লাখ
    দিল্লী: ১.৩৫ লাখ
    গুজৰাট: ৩,৫৬ লাখ
    হাৰিয়ানা: ২,৪৬,৪৬২
    জম্মু আৰু কাশ্মীৰ: ৯০,৬১৯
    ঝাৰখণ্ড: ৬৩,২৩৫
    কৰ্ণাটক: ২,১৪,৮৪২
    লাডাখ: ৩,৯৫৭
    মধ্য প্ৰদেশ: ৮১,৫৩৫
    মহাৰাষ্ট্ৰ: ৩,৫৬,৭২৫
    মণিপুৰ: ১১,১৮৪
    মেঘালয়: ৭,৬৭৩
    নাগালেণ্ড: ৩,৮৪৪
    উড়িশা: ১,৪১,৮১১
    পুডুচেৰী: ৩,১১৫
    পঞ্জাৱ: ১,৫৬,৪২৩
    ৰাজস্থান: ৬,১০,৫৫১
    ছিকিম: ৪,৩১৪
    তামিলনাডু : ৫,০৪,৭২৪
    তেলেংগানা: ১,৬৮,৩০২
    ত্ৰিপুৰা: ৪৩,২৯২
    উত্তৰ প্ৰদেশ: ৪,৯৯,১১৫
    উত্তৰাখণ্ড: ৫১,৯৫৬

    উল্লেখ্য যে,শেহতীয়াকৈ, চৰকাৰে টীকাকৰণৰ ওপৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছি । নতুন নিৰ্দেশ অনুসৰি, আগন্তুক ১ মে'ৰ পৰা ১৮ বছৰৰ ওপৰৰ সকলো লোককে ভেকছিন প্ৰদান কৰ হ'ব। ইয়াৰ উপৰিও, চৰকাৰে ভেকছিনৰ মূল্য আৰু উপলব্ধতাৰ ওপৰতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে বৰ্তমান পৰ্যায়ক্ৰমে ভেকছিন ড্ৰাইভ চলাই আছে। প্ৰথম পৰ্যায়ত, স্বাস্থ্য সেৱাৰ কৰ্মচাৰীসকলক টীকাকৰণ কৰা হৈছিল। ভেকছিন বৰ্তমানে ৪৫ বছৰতকৈ অধিক বয়সৰ লোকসকলক দি থকা হৈছে।
    First published: