• Home
  • »
  • News
  • »
  • nation
  • »
  • সলনি হ’ব নেকি RSSৰ নাগপুৰৰ ঠিকনা? দিল্লীত নিৰ্মাণ হৈ আছে ‘বিশ্বৰ সৰ্ববৃহৎ সংগঠনটো’ৰ দুটা বিশাল কাৰ্যালয় ভৱন

সলনি হ’ব নেকি RSSৰ নাগপুৰৰ ঠিকনা? দিল্লীত নিৰ্মাণ হৈ আছে ‘বিশ্বৰ সৰ্ববৃহৎ সংগঠনটো’ৰ দুটা বিশাল কাৰ্যালয় ভৱন

RSSৰ সকলো ভগ্নী সংগঠনৰ (বিজেপিৰ বাদে) কাৰ্যালয় এই নতুন ভৱনটোলৈ স্থানান্তৰ কৰা হ’ব। লগতে সকলো অত্যাধুনিক প্ৰযুক্তিৰে সুসজ্জিত হ’ব এই ভৱন।

  • Share this:
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSSৰ মহাৰাষ্ট্ৰৰ নাগপুৰ চহৰৰ সৈতে আছে এক এৰিব নোৱাৰা সম্পর্ক। সেই সূত্ৰেই ভাৰতীয় ৰাজনৈতিক ধাৰাত নাগপুৰ হৈ পৰিছে এটা বহু অৰ্থ বহন কৰা শব্দ। ইয়াৰ কাৰণ হৈছে যোৱা প্ৰায় এক শতিকা ধৰি নাগপুৰেই বহন কৰি আছিল বিশ্বৰ সৰ্ববৃহৎ সাংস্কৃতিক সংগঠন বুলি দাবী কৰা RSSৰ ঠিকনা। কিন্তু এতিয়া সলনি হ’ব নেকি এই ঠিকনা? দেশৰ ৰাজধানী দিল্লীলৈ স্থানান্তৰ হ’ব নেকি RSSৰ মুখ্য কাৰ্যালয়!

দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক ইণ্ডিয়ান এক্সপ্ৰেছৰ আজিৰ সংস্কৰণত উল্লেখ কৰা মতে, দিল্লীৰ ঝাণ্ডেৱালান এক্সটেনচনত ১২ৰ পৰা ১৬মহলীয়া দুটা বিশাল ভৱন নিৰ্মীয়মান অৱস্থাত আছে। প্ৰায় ২.৫ লাখ স্কোৱাৰ ফিট এলেকাত ২০১৬ চনৰ পৰাই নিৰ্মাণ হৈ আছে এই দুই কাৰ্যালয় ভৱন।

বাতৰি কাকতখনত উল্লেখ কৰা মতে, RSS সকলো ভগ্নী সংগঠনৰ (বিজেপিৰ বাদে) কাৰ্যালয় এই নতুন ভৱনটোলৈ স্থানান্তৰ কৰা হ’ব। লগতে সকলো অত্যাধুনিক প্ৰযুক্তিৰে সুসজ্জিত হ’ব এই ভৱন। উল্লেখযোগ্য যে আজি কিছু বছৰৰ আগতে দিল্লীত নিৰ্মাণ কৰি উলিওৱা ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয় প্ৰায় ১.৭ লাখ স্কোৱাৰ ফিট এলেকা বিস্তৃত আৰু এই ভৱন এটা ৰাজনৈতিক দলৰ বিশ্বৰ সৰ্ববৃহৎ কাৰ্যালয় বুলি জনা যায়।
Published by:Sanjay Kumar Das
First published: