• Home
  • »
  • News
  • »
  • nation
  • »
  • বিজয়া দশমীৰ ভাষণত জনসংখ্যা নিয়ন্ত্ৰণ নীতিৰ পোষকতা আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ

বিজয়া দশমীৰ ভাষণত জনসংখ্যা নিয়ন্ত্ৰণ নীতিৰ পোষকতা আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ

জনসংখ্যা ভাৰসাম্যহীন হ’লে ভৌগোলিক সীমা সলনি; গতিকে নিয়ন্ত্ৰণ আৰু ধর্মৰ ভিত্তিত ভাৰসাম্য নিশ্চিত কৰিব লাগে: মোহন ভাগৱত 

জনসংখ্যা ভাৰসাম্যহীন হ’লে ভৌগোলিক সীমা সলনি; গতিকে নিয়ন্ত্ৰণ আৰু ধর্মৰ ভিত্তিত ভাৰসাম্য নিশ্চিত কৰিব লাগে: মোহন ভাগৱত 

জনসংখ্যা ভাৰসাম্যহীন হ’লে ভৌগোলিক সীমা সলনি; গতিকে নিয়ন্ত্ৰণ আৰু ধর্মৰ ভিত্তিত ভাৰসাম্য নিশ্চিত কৰিব লাগে: মোহন ভাগৱত 

  • Share this:
বিজয়া দশমীৰ দিনাখন নাগপুৰৰ মুখ্য কাৰ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে দেশত জনসংখ্যা নিয়ন্ত্ৰণ সন্দৰ্ভত এক শক্তিশালী বার্তা প্ৰেৰণ কৰে। স্থাপন দিৱসৰ দিনা নাগপুৰৰ সমাৰোহত ভাষণ দি মোহন ভাগৱতে ধৰ্মৰ ভিত্তিত জনসংখ্যাৰ ভাৰসাম্য নিশ্চিত কৰাৰ দিশতো মন্তব্য প্ৰদান কৰে।

উল্লেখযোগ্য যে ১৯২৫ চনৰ বিজয়া দশমীৰ দিনা আৰএছএছৰ জন্ম হৈছিল। ভাষণ প্ৰসংগত তেওঁ কয়– জনসংখ্যাৰ ভাৰসাম্যহীনতাই ভৌগোলিক সীমাত পৰিৱৰ্তন আনে; জনসংখ্যা নিয়ন্ত্ৰণ আৰু ধৰ্মৰ ভিত্তিত জনসংখ্যাৰ ভাৰসাম্য আওকাণ কৰিব নোৱাৰা বিষয়।

তেওঁ লগতে কয় – “এনে সন্ধিক্ষণত দেশক প্রয়োজন এক সৰ্বাত্মক ফলপ্ৰসূ জনসংখ্যা নিয়ন্ত্ৰণ নীতি, যি নীতি সকলোৰে ক্ষেত্ৰত সমানে প্ৰযোজ্য হ’ব। এই নীতি কাৰ্যকৰী হোৱাৰ পিছত কোনেও ৰেহাই পাব নালাগে।

এনে নীতিৰ প্ৰয়োজনীয়তাৰ কথা বৰ্ণনা কৰি মোহন ভাগৱতে কয়– “কিছু বছৰৰ আগতে দেশত প্ৰজননৰ হাৰ আছিল ২.১। বিশ্বই ভবাতকৈ আমি ভাল কাম কৰিলোঁ । প্ৰজননৰ হাৰ কমি হ’লগৈ ২.০। কিন্তু ইয়াতকৈ কমিলে বিপদ হ’ব। কাৰণ এটা শিশুৱে সামাজিক আচৰণ আয়ত্ত কৰিবলৈ প্ৰয়োজন পৰিয়ালৰ; প্ৰয়োজন হয় সমবয়সীয়া আন শিশুৰ; লাগে জ্যেষ্ঠ আৰু কনিষ্ঠ শিশুৰ। জনসংখ্যা বৃদ্ধি ৰখি গ’লে সমাজৰ বিলুপ্তি ঘটে, ভাষা অন্তৰ্ধান হয়।

উল্লেখযোগ্য যে একে  ভাষণতে মোহন ভাগৱতে দেশৰ নাৰীক সম-অধিকাৰ দিয়াৰ কথা সজোৰে উত্থাপন কৰে। তেওঁ কয়– নাৰীক সমাজৰ সকলো স্তৰত কাম কৰাৰ স্বতন্ত্ৰতা আৰু সম-অধিকাৰ প্ৰদান কৰাটো অপৰিহাৰ্য। তেওঁ পৰিয়ালৰ পৰাই এই প্ৰচেষ্টা আৰম্ভ কৰিবলৈ আহ্বান জনায়। তেওঁ কয়– নাৰীৰ সমান অংশীদাৰিত্ব অবিহনে দেশৰ উন্নয়নৰ কাৰণে গ্ৰহণ কৰা কোনো নীতি ফলপ্ৰসূ নহ’ব।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি