• Home
  • »
  • News
  • »
  • nation
  • »
  • জাত পাত, বৰ্ণ প্ৰথা সমূলি পৰিত্যাগ কৰক; পূৰ্ব পুৰুষে কৰা ভুল শুধৰাওক: মোহন ভাগৱত 

জাত পাত, বৰ্ণ প্ৰথা সমূলি পৰিত্যাগ কৰক; পূৰ্ব পুৰুষে কৰা ভুল শুধৰাওক: মোহন ভাগৱত 

নাগপুৰৰ এক গ্ৰন্থ উন্মোচন অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়মসেৱক সংঘৰ মুৰব্বী গৰাকীয়ে দেশত বৰ্ণ প্ৰথা আৰু জাত পাত সমূলি পৰিত্যাগ কৰিবলৈ আহ্বান জনায় 

  • Share this:
আজিৰ পৰিবেশ পৰিস্থিতিত বৰ্ণ প্ৰথা তথা জাত পাতৰ ব্যৱস্থা সম্পূৰ্ণ অপ্ৰাসংগিক আৰু এইবোৰ সমূলঞ্চে ত্যাগ কৰিব লাগে । এই ঘোষণা ৰাষ্ট্ৰীয় স্বয়মসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতৰ । নাগপুৰৰ এক গ্ৰন্থ উন্মোচন অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাগৱতে নিজৰ ভাষণত এই মন্তব্য আগবঢ়ায় । তেওঁ কয় সামাজিক সমতা ভাৰতীয় পৰম্পৰাৰ অবিচ্ছেদ অংগ কিন্তু সমাজে এই কথা পাহৰি পেলালে যাৰ ফলত নেতিবাচক পৰিণত দেখা পোৱা গ’ল ।

আৰম্ভণিতে বৰ্ণ প্ৰথা আৰু জাত পাতৰ উদ্দেশ্য সমাজত বৈষম্যৰ সৃষ্টি কৰিবলৈ নাছিল বুলি মন্তব্য কৰি মোহন ভাগৱতে কয় – কিন্তু বৰ্তমানৰ পৰিবেশ পৰিস্থিতি অতীত পাহৰি যোৱা আৰু এই প্ৰথা সমূহ পৰিত্যাগ কৰাই শ্ৰেয়। তেওঁ লগতে কয় যি ব্যৱস্থাই বৈষম্যৰ জন্ম দিয়ে তেনে ব্যৱস্থা আঁতৰিব লাগে ।

ভাগৱতৰ মতে আমাৰ পূৰ্ব পুৰুষে ভুল কৰিছিল আৰু সেই কথা আমি উপলব্ধি কৰা ভাল । সেই কথা মানি ল’লে নীচাত্মিকাবোধৰ সৃষ্টি হ’ব বুলি ভবাটো অমূলক; কাৰণ সকলোৰে পূৰ্বপুৰুষে ভুল কৰে ।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি