আৰ এচ এচৰ মুৰব্বী মোহন ভাগৱতে ক’লে- কোৰোণা ভাইৰাছক ৰাজনীতিক ৰূপ দিব বিচৰা সকল দেশৰ শত্ৰু।
দেওবাৰে দেশৰ জনতাক সম্বোধন কৰি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে কয় যে, ভাৰতত বাস কৰা প্ৰতিটো ধৰ্ম, সম্প্ৰদায়ৰ লোক পৰস্পৰ ভাই-বন্ধু। সকলো ভাৰত মাতাৰ সন্তান। এই সময় খং, ভয় বা ৰাজনীতি কৰাৰ সময় নহয়। এই সময় ইজনে সিজনক সহায় কৰাৰ।
মোহন ভাগৱতে তাবলিগী জামাতক কেন্দ্ৰ কৰি ৰাইজৰ মাজত যি প্ৰতিক্ৰিয়া হৈছে,তাক লৈও মন্তব্য কৰে আৰ এছ এছ মুৰব্বীগৰাকীয়ে। ভাগৱতে লগতে ক’লে, কাৰোবাৰ ভুলৰ বাবে গোটেই সম্প্ৰদায়টোকে জগৰীয়া নকৰিব। এতিয়া সকলোৱে একেলগে কোৰোণাৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়।
মোহন ভাগৱতে লগতে কোৰোণা ভাইৰাছকলৈ ৰাজনীতি কৰিব বিচৰা সকলক দিয়ে বিশেষ সকীয়নী। এনে পৰিস্থিতিত যি কোৰোণা ভাইৰাছক নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ব্যৱহাৰ কৰিছে, সেই সকলক দেশৰ শত্ৰু আখ্যা দিয়ে ভাগৱতে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|