• Home
  • »
  • News
  • »
  • nation
  • »
  • আমি কৈ থাকো মাতৃভাষা ধ্বংসৰ গৰাহত কিন্তু সন্তানক মাতৃভাষাৰ বিদ্যালয়লৈ প্ৰেৰণ কৰোনে ? প্ৰশ্ন মোহন ভাগৱতৰ

আমি কৈ থাকো মাতৃভাষা ধ্বংসৰ গৰাহত কিন্তু সন্তানক মাতৃভাষাৰ বিদ্যালয়লৈ প্ৰেৰণ কৰোনে ? প্ৰশ্ন মোহন ভাগৱতৰ

ইংৰাজীত অধ্যয়ন কৰিলে কেৰিয়াৰ ভাল হয় বোলা কথাটো সত্য নহয়: আৰ এচ এচ মূৰব্বী 

ইংৰাজীত অধ্যয়ন কৰিলে কেৰিয়াৰ ভাল হয় বোলা কথাটো সত্য নহয়: আৰ এচ এচ মূৰব্বী 

ইংৰাজীত অধ্যয়ন কৰিলে কেৰিয়াৰ ভাল হয় বোলা কথাটো সত্য নহয়: আৰ এচ এচ মূৰব্বী 

  • Share this:
এইবাৰ মাতৃভাষাৰ যোগেদি শিক্ষা দানৰ পোষকতা কৰে ৰাষ্ট্ৰীয় স্বয়মসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে । মহাৰাষ্ট্ৰ নাগপুৰত অনুষ্ঠিত হোৱা আৰ এচ এচৰ বছেৰেকীয়া দশেহেৰা মহোৎসৱত ভাগৱতে ৰাষ্ট্ৰীয় শিক্ষা নীতি উদ্ধৃতি দি মাতৃভাষাৰ মাধ্যমৰে শিক্ষা প্রদানৰ গুৰুত্ব বৰ্ণনা কৰে । তেওঁ মাতৃভাষা ধ্বংসৰ গৰাহত বুলি সততে দুখ কৰি নিজৰ সন্তানক ইংৰাজী স্কুললৈ প্ৰেৰণ কৰা ব্যক্তিসকলক সমালোচনা কৰে । তেওঁ কয় – “আমি মাতৃভাষা ধ্বংসৰ গৰাহত বুলি দুখ কৰি থাকোঁ; কিন্তু আমাৰ মাজৰ কেইজনে সন্তানক মাতৃভাষাৰ বিদ্যালয়লৈ পঠিয়াইছো।“

তেওঁ সংযোজন কৰি কয় – ইংৰাজী মাধ্যমৰ শিক্ষাৰে সফলতা পোৱাৰ ধাৰণা সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়; বৰঞ্চ দেখা পোৱা গৈছে দেশৰ সফল ব্যক্তিসকলৰ ৮০শতাংশই দশম শ্ৰেণীলৈকে মাতৃভাষাতে শিক্ষা গ্ৰহণ কৰিছে। যেতিয়ালৈ আমি সন্তানক মাতৃভাষাৰ বিদ্যালয়লৈ প্ৰেৰণ নকৰো তেতিয়ালৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি সফল নহ’ব বুলিও মন্তব্য কৰে মোহন ভাগৱতে।

মোহন ভাগৱতে শিশুসকলৰ আগ্ৰহ, ইচ্ছা, অনিচ্ছা মূল্যায়ন নকৰি কেৱল অৰ্থ উপাৰ্জনৰ কাৰণে শিক্ষা প্ৰদান কৰি থকাৰ ব্যৱস্থাৰো সমালোচনা কৰে । তেওঁ কয় এনে ব্যৱস্থাৰে দায়িত্বশীল, সংস্কৃতিবান নাগৰিক গঢ় দিব পৰা নাযায়। তেওঁ দেশবাসীক স্বাস্থ্যৰ প্ৰতি সচেতন হৈ আৰু পৰিষ্কাৰ কৈ থাকিবলৈ আহ্বান জনায় । বেমাৰত পৰি চৰকাৰৰ পৰা উন্নত চিকিৎসা ব্যৱস্থা আশা কৰাত কৈ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো শ্ৰেয় বুলি তেওঁ মন্তব্য কৰে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি