মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ কোৱাকটা বজাৰৰ সমীপত এজন ব্যক্তিৰ পৰা WY (World is Yours) চিহ্নিত ৬০ হাজাৰ এম্ফেটামাইন টেবলেট উদ্ধাৰ কৰিছে ইম্ফলৰ শুল্ক বিভাগ আৰু এণ্টি-স্মাগলিং ইউনিটৰ বিষয়াসকলে।
সোমবাৰে শুল্ক বিভাগৰ উপ-আয়ুক্ত কীৰ্থীশ্ৰী এছে জনোৱা মতে, নিৰ্দিষ্ট তথ্যৰ ভিত্তিত এই ড্ৰাগছ উদ্ধাৰ কৰা হৈছে। ড্ৰাগছ সৰবৰাহকাৰীজন চুৰুচান্দপুৰ জিলাৰ তহচিল সংগৈকোটৰ টুইনুফাই নিবাসী মাংজাগৌ (৩৫) বুলি জানিব পৰা গৈছে।
ইম্ফলৰ শুল্ক সংমণ্ডল কাৰ্যালয়ত জমা কৰা হৈছে উদ্ধাৰ হোৱা ড্ৰাগছখিনি। আন্তঃৰাষ্ট্ৰীয় বজাৰত নিষিদ্ধ এই ড্ৰাগছৰ মূল্য ৬ কোটি টকা। এন ডি পি এছ আইন ১৯৮৫ৰ সংশ্লিষ্ট ধাৰা অনুসৰিও অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলি উপ-আয়ুক্তগৰাকীয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে।
উল্লেখ্য, গৃহমন্ত্ৰী অমিত শ্বাহে মাত্ৰ দুদিন আগেয়ে উত্তৰ–পূবক ড্ৰাগছমুক্ত কৰাৰ কথা ঘোষণা কৰিছিল। গৃহমন্ত্ৰীগৰাকীয়ে ইতিমধ্য জব্দ কৰা বহু হাজাৰ কিলোগ্ৰাম ড্ৰাগছ নষ্ট কৰিছিল ভাৰ্চুৱেলী। ইয়াৰ পিছতে ড্ৰাগছৰ বিৰুদ্ধে মণিপুৰ প্ৰশাসন অধিক কঠোৰ হৈ পৰিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|