உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • অনলাইনত Pizza অৰ্ডাৰ দিয়াই হ'ল কাল! এগৰাকী যুৱতীৰ পৰা লুটিলে ১ লাখ ৪১ হাজাৰ টকা

    অনলাইনত Pizza অৰ্ডাৰ দিয়াই হ'ল কাল! এগৰাকী যুৱতীৰ পৰা লুটিলে ১ লাখ ৪১ হাজাৰ টকা

    অনলাইন অৰ্ডাৰ আপোনাৰো প্ৰথম পছন্দ নেকি? তেন্তে এতিয়াৰ পৰা সাৱধান হওক। হাৰিয়ানাৰ এগৰাকী যুৱতীৰ পৰা এটা পিজ্জাৰ বিনিময়ত লুটি নিলে ১ লাখ ৪১ হাজাৰ ৯৯৭ টকা। ঘটনা সন্দৰ্ভত আৰক্ষী থানাত অভিযোগ দাখিল ভুক্তভোগী যুৱতীৰ।

    • Share this:
    অনলাইন পিজ্জা অৰ্ডাৰ কৰাৰ পিছতে বেংক একাউণ্ট খালী হ'ল এগৰাকী যুৱতীৰ। এটা পিজ্জাৰ বিনিময়ত যুৱতীগৰাকীৰ একাউণ্টৰ পৰা কৰ্তন হ'ল ১ লাখ ৪১ হাজাৰ ৯৯৭ টকা । হাৰিয়ানাৰ হান্সিৰ লাল ৰোড এলেকাৰ এগৰাকী যুৱতীয়ে অনলাইনত অৰ্ডাৰ কৰিছিল পিজ্জা। ডেলিভাৰী বয়ৰ নিৰ্দেশত যুৱতীগৰাকীয়ে তেওঁৰ মোবাইললৈ অহা এটা লিংকত ক্লিক কৰি এটিএমৰ সম্পূৰ্ণ বিৱৰণ প্ৰেৰণ কৰাৰ পিছতেই যুৱতীগৰাকীৰ একাউণ্টৰ পৰা কৰ্তন হয় এই বৃহৎ পৰিমাণৰ ধন।

    ঘটনা সন্দৰ্ভত সুলখনী গাঁৱৰ যুৱতী গৰিমাই আৰক্ষী থানাত অভিযোগ দাখিল কৰি কয় যে, তেওঁ লাল ৰোডত থকা খুড়ীয়েকৰ ঘৰলৈ আহিছিল।  গুগলত পিজ্জা বয়ৰ ফোন নম্বৰ বিচাৰি ফোন কৰাৰ পিছতেই প্ৰত্যুত্তৰ আহিছিল যে, ডেলিভাৰী বয়ে তেওঁলৈ ফোন কৰিব। ইয়াৰ পিছতেই ডেলিভাৰী বয়ে প্ৰেৰণ কৰা লিংকত ক্লিক কৰি এটিএম কাৰ্ড নম্বৰ, ইউপিআই পিন আদিৰ সম্পূৰ্ণ বিৱৰণ দিবলৈ নিৰ্দেশ দিয়ে আৰু গৰিমাই সকলো তথ্য প্ৰদান কৰে।

    যুৱতীগৰাকীয়ে কৈছিল যে, ফোনত সেইসময়তো কথা পাতি আছিল যেতিয়া তেওঁৰ একাউণ্টৰ পৰা টকা কৰ্তন আৰম্ভ হৈছিল আৰু ১১ বাৰ পৃথকে পৃথকে টকা কৰ্তন হোৱাৰ পিছত তেওঁৰ একাউণ্টৰ পৰা মুঠ ১ লাখ ৪১ হাজাৰ ৯৯৭ টকা হৰলুকী কৰা হৈছিল। সমগ্ৰ ঘটনাৰ ওপৰত আৰক্ষীয়ে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ।

    যুৱতীগৰাকীৰ ভাষ্য অনুসৰি তেওঁৰ একাউণ্টৰ পৰা মুঠ ১১ বাৰ টকা কৰ্তন কৰা হৈছিল। প্ৰথমবাৰ ১৯,৯৯৯ টকা, তাৰ পিছত ৫০০০ টকা, তাৰ পিছত ক্ৰমান্বয়ে ৩ হাজাৰ, ৯ হাজাৰ ৯৯৯, ১৪ হাজাৰ ৯৯৯, ২০ হাজাৰ, ২০ হাজাৰ, ২০ হাজাৰ, ২ হাজাৰ, ২ হাজাৰ আৰু ২৫ হাজাৰ টকা কৰ্তনৰ মেছেজ লাভ কৰে।
    Published by:Himangshu Bhuyan
    First published: