লক্ষ্ণৌৰ হজৰতগঞ্জ অঞ্চলত চলন্ত বাইকৰ ওপৰত এহাল প্ৰেমিক–প্ৰেমিকাই ৰোমাঞ্চ কৰাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ব্যৱস্থা গ্ৰহণৰ বাবে লক্ষ্ণৌ আৰক্ষীয়ে তেওঁলোকক বিচাৰি ফুৰিছে।
দ্ৰুতগতিত এই ভিডিঅ’ ছচিয়েল মিডিয়াত বিয়পি পৰে। এই ভিডিঅ’ৰ অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে। লক্ষ্ণৌ চেন্ট্ৰেল জ’নৰ ডিচিপি– অপৰ্ণা ৰজত কৌশিকে নিশ্চিত কৰিছে যে ভিডিঅ’টো লক্ষ্ণৌৰ হজৰতগঞ্জত সংগ্ৰহ কৰা হৈছে।
এই প্ৰেমিক–প্ৰেমিকা হালক বিচাৰি আৰক্ষীৰ দুটাকৈ দল নিয়োগ কৰা হৈছে। আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি তেওঁলোকক কৰায়ত্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
আৰক্ষীয়ে জনোৱা মতে, মটৰ ভেহিকল এক্টৰ অধীনত আৰু লগতে অশ্লীলতা বিয়পোৱাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 18, 2023, 11:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।