নতুন দিল্লীঃ বাৰ্ড ফ্লুৰ (bird flu) প্ৰচণ্ড ভয়াৱহতা এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ দ্ৰুত গতিত বিয়পি পৰিছে। এই আতংকৰ মাজতে North Delhi Municipal Corporation (NDMC) -ৰ পাব্লিক হেলথ ইন্সপেক্টৰে ৰেষ্টুৰেণ্ট সমূহক বিশেষ নিৰ্দেশ পালন কৰিবলৈ নিৰ্দেশ দিছে। তেওঁলোকৰ নিৰ্দেশ মতে হোটেল–ৰেষ্টুৰেণ্টত এতিয়াৰ পৰা বন্ধ কৰা হ’ব ৰোষ্টেড চিকেনৰ (roasted chicken) বিক্রী।ট
মিউনিচিপাল কর্প’ৰেশ্যনৰ চিনিয়ৰ বিষয়াবৰ্গই বৈঠকত এই কথা ঘোষণা কৰিছে। NDMCৰ মেয়ৰ জয় প্রকাশে ঘোষণা কৰিছে জীৱন্ত পশুবিক্রীৰ ক্ষেত্ৰত বজাৰত তেওঁলোকে নজৰ ৰাখিব।
উল্লেখ্য যে, এই মুহূর্তত দেশৰ দহখন ৰাজ্যত বাৰ্ড ফ্লু ধৰা পৰিছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সোমবাৰে প’লট্রি ফার্ম, চিৰিয়াখানা, বৃহৎ জলাভূমিত প্রতিমুহূর্তত কঠোৰ দৃষ্টি ৰাখিবলৈ কৈছে। এই ৰোগ প্ৰতিৰোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।