ভয়ংকৰ দুৰ্ঘটনাঃ থিতাতে নিহত ১১, গুৰুতৰ ভাবে আহত ২৫

News18-Assam
Updated:June 10, 2019, 7:47 PM IST
ভয়ংকৰ দুৰ্ঘটনাঃ থিতাতে নিহত ১১, গুৰুতৰ ভাবে আহত ২৫
ঝাৰখণ্ডত সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা।

ঝাৰখণ্ডত সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা।

  • Share this:
সোমবাৰে বিয়লি ঝাৰখণ্ডৰ হাজাৰিবাগত ব্ৰেক ফেইল হৈ দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী বাছ । দুৰ্ঘটনাত থিতাতে নিহত হয় ১১ জন যাত্ৰী। দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হৈছে ২৫ জনকৈ লোক।



ৰাজ্যখনৰ ২ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। বাছখন ঝাৰখণ্ডৰ ৰাছিৰ পৰা বিহাৰৰ পাটনা অভিমুখে গৈ আছিল। হৰ্ঠাতে বাছখনৰ ব্ৰেক ফেইল হৈ দুৰ্ঘটনাত পতিত হয়। ঘটনাস্থলীতে শিশু সহ আঠ জনৰ মৃত্যু হোৱাৰ লগতে বাকী ৩ জনৰ চিকিত্‍সালয়ত মৃত্যু হয়।

 

আহত সকলক এতিয়া ততাতৈয়াকৈ ভৰ্তি কৰা হৈছে হাজাৰিবাগ সদৰ চিকিৎসালয়ত। ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘূবৰ দাসে। লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰিছে মুখ্যমন্ত্ৰীজনে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading