অসুস্থ মুইভা! মধ্যস্থতাকাৰী ৰবিয়ে আয়োজন কৰা বৈঠক বাতিল

News18 Assam | News18-Assam
Updated:July 16, 2020, 10:38 PM IST
অসুস্থ মুইভা! মধ্যস্থতাকাৰী ৰবিয়ে আয়োজন কৰা বৈঠক বাতিল
বৃহস্পতিবাৰৰ দিনটোলৈ সকলোৱে অধীৰ আগ্ৰহৰে বাট চাইছিল ৷ বিশেষকৈ সাধাৰণ নগা ৰাইজে ৷

বৃহস্পতিবাৰৰ দিনটোলৈ সকলোৱে অধীৰ আগ্ৰহৰে বাট চাইছিল ৷ বিশেষকৈ সাধাৰণ নগা ৰাইজে ৷

  • Share this:
বৃহস্পতিবাৰৰ দিনটোলৈ সকলোৱে অধীৰ আগ্ৰহৰে বাট চাইছিল ৷ বিশেষকৈ সাধাৰণ নগা ৰাইজে ৷ লগতে তীক্ষ্ন নজৰ ৰাখিছিল চোৰাংচোৱা সংস্থাসমূহে ৷ কিয়নো বৃহস্পতিবাৰৰ দিনটোত ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে আলোচনাৰ মেজলৈ আমন্ত্ৰণ কৰিছিল NSCN-IMৰ সাধাৰণ সম্পাদক তথা সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৰ মুখ্য মধ্যস্থতাকাৰী থুইংগালেং মুইভাক ৷

কিন্তু বৃহস্পতিবাৰৰ বৈঠকখন অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰাখিবলগীয়া হয় ৷ কিয়নো মধ্যস্থতাকাৰী ৰবিক জনোৱা হ'ল যে, NSCN-IMৰ তৰফৰ পৰা মুখ্য মধ্যস্থতাকাৰী থুইংগালেং মুইভাৰ সলনি এক প্ৰতিনিধি দলহে বৃহস্পতিবাৰে আয়োজন কৰি বৈঠকত অংশগ্ৰহণ কৰিব ৷ এই বাৰ্তা আৰ এন ৰবিয়ে লাভ কৰাৰ পিছত তেওঁ স্পষ্ট কৰি দিয়ে যে মুইভাৰ উপস্থিতি অবিহনে ৰবিয়ে অন্য কোনো প্ৰতিনিধি দলৰ সৈতে আলোচনাত অংশগ্ৰহণ নকৰে ৷

বৃহস্পতিবাৰৰ পুৱা এঘাৰ বজাত ডিমাপুৰৰ আৰক্ষী আয়ুক্তৰ বাংলোৰ চৌহদৰ অতিথিশালাত অনুষ্ঠিত হোৱাৰ কথা আছিল বহু প্ৰত্যাশিত আলোচনাখন ৷ মধ্যস্থতাকাৰী ৰবিয়ে মুইভা অবিহনে আলোচনা সম্ভৱ নহয় বুলি স্পষ্ট কৰি দিয়াত NSCN-IMৰ তৰফৰ পৰা আন এক বাৰ্তা দিয়া হ'ল আৰ এন ৰবিক ৷ প্ৰাপ্ত তথ্য মতে ৰবিক কেম্প হেব্ৰনৰ পৰা জনোৱা হ'ল যে, NSCN-IMৰ মুখ্য মধ্যস্থতাকাৰী মুইভা শাৰীৰিকভাৱে অসুস্থ ৷ অসুস্থতাৰ বাবে তেওঁ বৃহস্পতিবাৰৰ বৈঠকত উপস্থিত থাকিব নোৱাৰে ৷ ফলত অনিৰ্দিষ্ট কালৰ বাবে আৰ এন ৰবিয়ে স্থগিত ৰাখিলে NSCN-IMৰে বৈঠক ৷

উল্লেখযোগ্য যে, NSCN-IMৰ বহু জেষ্ঠ নেতাক গ্ৰেপ্তাৰ কৰা, কোটি টকীয়া লেনদেনৰ সন্দৰ্ভত NIAয়ে গোচৰ ৰুজু কৰা, নিৰাপত্তাৰ বাহিনীয়ে শীৰ্ষ নেতাৰ ঘৰত অভিযান চলোৱা আদি এশ এবুৰি বিষয়ক লৈ বিগত বৰ্ষৰ জুন মাহৰ পৰাই ভাৰত চৰকাৰৰ ওপৰত খৰ্গহস্ত হৈ আছিল ৷ ইয়াৰ মাজতে বিগত এঘাৰ জুলাইত ম্যানমাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ লংডিঙত আছাম ৰাইফলচ আৰু অৰুণাচল আৰক্ষীয়ে অভিযান চলাই হত্যা কৰিছিল ছয় NSCN-IMৰ সশস্ত্ৰ গেৰিলাক ৷ ফলত অধিক অৱনতি ঘটিছিল নাগালেণ্ডৰ পৰিৱেশ-পৰিস্থিতিৰ ৷

এই ঘটনাৰ পূৰ্বে নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবি আৰু মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ৰ মাজত মুকলি সংঘাতৰ সূচনা হয় ৷ নাগালেণ্ডৰ আইন-শৃংখলা পৰিস্থিতি অৱনতি আৰু NSCNৰ গোটসমূহক 'আৰ্মছ গেং' আখ্যা দিছিল ৰাজ্যপাল ৰবিয়ে ৷ যাকলৈ অস্থিৰ হৈ পৰে নাগালেণ্ডৰ ৰাজনীতি ৷
Published by: Himangshu Bhuyan
First published: July 16, 2020, 10:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading