দেশত প্ৰতিদিনে বৃদ্ধি পাইছে কোৰোণা আক্ৰান্ত লোকৰ সংখ্যা। এই মহামাৰীৰ ভেকচিন প্ৰস্তুতৰ বাবে চলি আছে গৱেষণা, পৰীক্ষা–নিৰীক্ষা। কেতিয়া পূৰ্বৰ পৰিস্থিতি ঘূৰি আহিব সেই উত্তৰ কাৰো হাতত নাই। দিনৰ পিছত দিন গৃহবন্দী জনতা। নিজৰ প্ৰিয়জনৰ কাষলৈও যাব পৰা নাই মানুহে।
এই নেদেখা শত্ৰুৰ বিৰুদ্ধে দিনে–নিশাই যুঁজ দিছে চিকিৎসক–নাৰ্ছ তথা স্বাস্থ্য কৰ্মীসকলে। নিজৰ পৰিয়াল, আত্মীয়–স্বজনৰ পৰা দূৰত থাকি আত্মনিয়োগ কৰিছে জনতাৰ সেৱাত। জীৱন ৰক্ষাৰ যুঁজত তেওঁলোক আটাইতকৈ ডাঙৰ যোদ্ধা। ৰোগীক চিকিৎসা কৰি কেতিয়াবা নিজেও আক্ৰান্ত হৈছে মহামাৰীত। ইয়াৰ মাজতে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ’। যিটো ভিডিঅ’ চালে চকুপানী ওলাব আপোনাৰ।
এজন চিকিৎসক। পৰিয়ালৰ পৰা দূৰত থাকি কোৰোণা ৰোগীৰ চিকিৎসা কৰিছে তেওঁ। বহুদিন পিছত ঘৰলৈ উভতিছে চিকিৎসকজন। দুৱাৰ খোলা মাত্ৰকে পিতৃক দেখি দৌৰি গৈছে কণমানি সন্তানে। কিন্তু কণমানি সন্তানক বাধা দিলে পিতৃয়ে। কাষলৈ আহিবলৈ নিদিলে। সাবটি ধৰিবলৈ দৌৰি অহা সন্তানক তেনেকৈ বাধা দিবলগীয়া হোৱাত কান্দি উঠিল পিতৃ।
এই ভিডিঅ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে অভিনেত্ৰী ৰিতাভৰী চক্ৰৱৰ্তীয়ে। অভিনেত্ৰীগৰাকীৰ এই পোষ্টটো মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|