ছুগাৰ কচমেটিকছৰ সহঃ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া বিনীতা সিঙে (Sugar Cosmetics CEO Vineeta Singh) কয় যে মহিলাৰ অংশগ্ৰহণ অবিহনে ভাৰতত ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি গঢ়ি তোলা সম্ভৱ নহয়। নেটৱৰ্ক১৮ৰ দুদিনীয়া লিডাৰশ্বিপ কনক্লেভ ৰাইজিং ইণ্ডিয়া ছামিট ২০২৩ৰ দ্বিতীয় দিনটোত ভাৰতৰ তাৰকা মহিলা হকী খেলুৱৈ ৰাণী ৰামপালৰ সৈতে মঞ্চত অংশ লয় অভিনেত্ৰী ৰাকুলপ্ৰীত সিং, মৃণাল ঠাকুৰ, গায়িকা শিল্পা ৰাৱে।
বিনীতা সিঙে কয়, ''আমি যেতিয়া ব্ৰেণ্ডটো (Sugar Cosmetics) আৰম্ভ কৰিছিলোঁ, তেতিয়া মানুহে কৈছিল যে ভাৰতত ব্ৰেণ্ডটো ডাঙৰ হ’ব নোৱাৰে, কাৰণ সকলোকে আমদানিকৃত ব্ৰেণ্ডৰ প্ৰয়োজন। কিন্তু আজিৰ প্ৰজন্মই বিচাৰে ভাৰতত নিৰ্মিত আৰু ভাৰতৰ বাবে নিৰ্মিত ব্ৰেণ্ড।''
বিনীতা সিঙে কয়- ''মোৰ এই বস্তুটো ভাল লাগে। পাঁচ বছৰ আগতে এয়া সম্ভৱ নাছিল। এতিয়া আমিও এটা গ্ল’বেল ব্ৰেণ্ড বনাব বিচাৰোঁ। আমি সেই দিনটো চাব বিচাৰোঁ যেতিয়া ছুগাৰে প্ৰায় ১০ হাজাৰ মহিলাক কৰ্মসংস্থাপন দিব পাৰিব।''
৫ ট্ৰিলিয়ন ডলাৰৰ জিডিপিৰ সপোন মহিলা অবিহনে অসম্ভৱ
বিনীতা সিঙে লগতে ক’লে, আমি নাৰীক আগুৱাই নিবলৈ বহুখিনি কথা পাতিছোঁ। কিন্তু ভাৰতৰ বাবে চিন্তাৰ বিষয় ইয়াত মহিলাৰ কৰ্মশক্তি ২০%তকৈও কম। যদি ইয়াৰ কোনো পৰিৱৰ্তন নহয়, তেন্তে ইয়াৰ অবিহনে ভাৰতৰ ৫ ট্ৰিলিয়ন ডলাৰৰ জিডিপিৰ সপোন পূৰণ হ’ব নোৱাৰে।
বিনীতা সিঙে কয় যে ২৩ বছৰ বয়সত ১ কোটি টকাৰ পেকেজৰ চাকৰি এটা পাইছিল যদিও সেই অফাৰ এৰি ব্যৱসায় কৰিবলৈ সিদ্ধান্ত লৈছিল। কিন্তু সেই ১ কোটি দৰমহা পাবলৈ তেওঁক ১৫ বছৰ সময় লাগিছিল। কেৱল এয়াই নহয়, এই দৰমহাৰ লগতে তেওঁ ৪০০০ মানুহক দৰমহাও দিবলৈ সক্ষম হৈছিল, ইয়াৰে ৩,০০০ মহিলা আৰু বহুতেই পৰিয়ালৰ একমাত্ৰ জীৱিকা। এই সকলোবোৰ যেন ১৭ বছৰৰ এক কৃতিত্ব। ২০০৭ চনৰ পৰা ২০১২ চনৰ ভিতৰত ভাৰতত ষ্টাৰ্টআপৰ বাবে ধন সংগ্ৰহ কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল, সেয়াও মহিলা ষ্টাৰ্টআপৰ বাবে ধন সংগ্ৰহ কৰা। বিশ্বতে এই একেই অৱস্থা আছিল।
একেটা অনুষ্ঠানতে ছুপাৰহিট ছবি সীতা-ৰামমৰ জৰিয়তে লাইমলাইটলৈ অহা অভিনেত্ৰী মৃণাল ঠাকুৰে কয়- ''এয়া ভাৰতীয় চিনেমাৰ যুগ। শেহতীয়াকৈ দেশত দুটা অস্কাৰো আহিছে। মই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰোঁ কিয়নো মই এনে এটা সময়ত কাম কৰি আছোঁ, যি সময়ত মাৰাঠী, তামিল, তেলুগু, হিন্দী, মালয়ালম, কানাড়া ছবিত কাম কৰাৰ বাবে মোৰ সুযোগ আছে।'' মৃণালে কয়, এতিয়া চিনেমাই ভাষাৰ সীমাৰ বাহিৰলৈ গৈ মানুহক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
Published by: Gautam Barman
FIRST PUBLISHED : March 30, 2023, 18:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।