মুখ্যপৃষ্ঠা »খবৰ »দেশ »Rising India Summit 2023: ''দেশত হাইড্ৰ’জেন শক্তিৰে বাছ চলাচল কৰাৰ দিন আৰু বহু দূৰৈত নহয়''- নীতিন গাডকাৰী

Rising India Summit 2023: ''দেশত হাইড্ৰ’জেন শক্তিৰে বাছ চলাচল কৰাৰ দিন আৰু বহু দূৰৈত নহয়''- নীতিন গাডকাৰী

''দেশৰ বাবে চাভাৰকাৰৰ সমগ্ৰ পৰিয়াল ধ্বংস হৈছিল, এনে লোকৰ বিষয়ে ভালদৰে অধ্যয়ন কৰি কোনোবাই মন্তব্য কৰা উচিত।''

''দেশৰ বাবে চাভাৰকাৰৰ সমগ্ৰ পৰিয়াল ধ্বংস হৈছিল, এনে লোকৰ বিষয়ে ভালদৰে অধ্যয়ন কৰি কোনোবাই মন্তব্য কৰা উচিত।''

''দেশৰ বাবে চাভাৰকাৰৰ সমগ্ৰ পৰিয়াল ধ্বংস হৈছিল, এনে লোকৰ বিষয়ে ভালদৰে অধ্যয়ন কৰি কোনোবাই মন্তব্য কৰা উচিত।''

  • Share this:
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে বুধবাৰে নিউজ ১৮ ৰাইজিং ইন্ডিয়া কনক্লেভৰ তৃতীয় সংস্কৰণত উল্লেখ কৰে যে দেশত হাইড্ৰ’জেন শক্তিৰে বাছ চলাচল কৰাৰ দিন আৰু বহু দূৰৈত নহয়। তেওঁ কয় যে ইলেক্ট্ৰ’লাইজাৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰত এক নম্বৰ দেশ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে হাইড্ৰ'জেন ইন্ধন ব্যৱহাৰ কৰি আমি ২ ঘন্টাত দিল্লীৰ পৰা হৰিদ্বাৰলৈ যাত্ৰী লৈ যাব পাৰিম, যাৰ ফলত মানুহৰ বিমানৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব।

নীতিন গাডকাৰীয়ে আৰু কয়, ‘দিল্লীত জাবৰৰ দুটা পাহাৰ নিৰ্মাণ কৰা হৈছে, আমি আৱৰ্জনা পুনঃব্যৱহাৰ কৰি ঘাইপথ নিৰ্মাণ কৰিছোঁ।" "ৰাইজিং ইণ্ডিয়া"ৰ মঞ্চত তেওঁ কয়, "সেই দিনটো বহু দূৰত নহয় যেতিয়া হাইড্ৰ'জেন ইন্ধন সকলোতে ব্যৱহাৰ হ'ব আৰু অতি সোনকালে আমি ইন্ধন আমদানি কৰা নহয় ৰপ্তানি কৰা দেশৰ তালিকাত যোগ দিম।"

পৰিবহণ খণ্ডত দুৰ্নীতি বন্ধ কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয়, "আমি আৰ টি অ'ত সকলো প্ৰক্ৰিয়া অনলাইন কৰিছোঁ, মানুহৰ মাজত সজাগতা বৃদ্ধি পাইছে আৰু তেওঁলোকেও আমাৰ সৈতে সহযোগিতা কৰিছে। কৰি আছে।''

'আমি জোজিলা সুৰংগত ৫০০০ কোটি টকা ৰাহি কৰিলোঁ'
আপোনালৈ কেতিয়াও কংগ্ৰেছৰ পৰা কোনো অফাৰ অহা নাছিল? এই প্ৰশ্নৰ উত্তৰত নীতিন গাডকাৰীয়ে কয়, ''পিএম নৰেন্দ্ৰ মোদীয়ে কয় সকলোৰে সৈতে সকলোৰে বিকাশ। মই বিৰোধীৰ প্ৰকল্পৰো শলাগ লওঁ, কিন্তু কোনো কাৰণতে দল এৰিব নোৱাৰোঁ। জনসাধাৰণে কৰ্মৰ ভিত্তিত সিদ্ধান্ত লয়। জোজিলা সুৰংগত আমি ৫০০০ কোটি টকা ৰাহি কৰিছোঁ। ভাল কামত সকলোৱে সমৰ্থন কৰে।''



চাভাৰকাৰ বিতৰ্কক লৈ কি ক'লে নীতিন গাডকাৰীয়ে
শেহতীয়াকৈ চাভাৰকাৰ সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভতো কয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীগৰাকীয়ে। তেওঁ ক’লে, ‘অটল জীয়ে আগতে কৈছিল যে মতান্তৰ হ'ব লাগে, কিন্তু মনান্তৰ হ’ব নালাগে। দেশৰ বাবে তেওঁৰ (চাভাৰকাৰৰ) সমগ্ৰ পৰিয়াল ধ্বংস হৈছিল, দেশৰ বাবে তেওঁ নিজৰ প্ৰাণ আহুতি দিছিল। এনে লোকৰ বিষয়ে ভালদৰে অধ্যয়ন কৰি কোনোবাই মন্তব্য কৰা উচিত।

শেহতীয়া বাতৰি