মুখ্যপৃষ্ঠা »খবৰ »দেশ »Rising India Summit 2023: ''এটা পৰিয়ালৰ বাবে কি দেশৰ আইন সলনি হ’ব লাগে?’- ৰাহুল গান্ধী সন্দৰ্ভত অমিত শ্বাহ

Rising India Summit 2023: ''এটা পৰিয়ালৰ বাবে কি দেশৰ আইন সলনি হ’ব লাগে?’- ৰাহুল গান্ধী সন্দৰ্ভত অমিত শ্বাহ

২০৪৭ চনত যেতিয়া স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব, তেতিয়া ভাৰত প্ৰতিটো ক্ষেত্ৰতে প্ৰথম স্থানত থাকিব।- অমিত শ্বাহ

২০৪৭ চনত যেতিয়া স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব, তেতিয়া ভাৰত প্ৰতিটো ক্ষেত্ৰতে প্ৰথম স্থানত থাকিব।- অমিত শ্বাহ

২০৪৭ চনত যেতিয়া স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব, তেতিয়া ভাৰত প্ৰতিটো ক্ষেত্ৰতে প্ৰথম স্থানত থাকিব।- অমিত শ্বাহ

  • Share this:
নিউজ১৮ৰ ৰাইজিং ইণ্ডিয়া সন্মিলনত ৰাহুল গান্ধী ইছ্যু সন্দৰ্ভত মুকলিকৈ কয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। নেটৱৰ্ক১৮ৰ এমডি তথা গ্ৰুপৰ মুখ্য সম্পাদক ৰাহুল যোশীক তেওঁ কয় যে আইনে নিজৰ গতিপথ লৈছে, ইয়াত আৰু একো ক’বলগীয়া নাই। এই প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কংগ্ৰেছৰ আমোলৰ সময়ৰ কথা উত্থাপন কৰে। ইয়াৰ সমান্তৰালভাৱে তেওঁ কয়- ৰাহুল গান্ধী অহংকাৰী, সেইবাবেই তেওঁ আদালতত কোনো আবেদন কৰা নাছিল।

তেওঁ আৰু কয়, ‘লালু যাদৱক বচাবলৈ এই অধ্যাদেশ অনা হৈছিল, এয়া কংগ্ৰেছৰ সময়ৰ আইন, কংগ্ৰেছ চৰকাৰত ৰাহুল গান্ধীয়ে আজেবাজে কথা উচ্চাৰণ কৰি অধ্যাদেশ ফালি পেলালে, তেতিয়া যদি এয়া আইন হৈ পৰিলেহেঁতেন, আজি ৰাহুল গান্ধী বাচি গ'ল হয়। তেওঁ ইমানেই অহংকাৰী যে আবেদনো কৰা নাই। কংগ্ৰেছে বিচাৰে যে গান্ধী পৰিয়ালৰ বাবে সুকীয়া আইন হ’ব লাগে। তেওঁলোকে স্পীকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে যদিও সদস্যপদৰ অযোগ্যতাৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ আছিল।

ৰাহুল গান্ধীৰ ভাষণ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “যিয়ে য'ত ৰেলী কৰিব বিচাৰে তেওঁ কৰিব পাৰে, তেওঁ স্বাধীন। ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক গালি-গালাজ কৰা নাছিল, সমগ্ৰ মোদী সমাজ আৰু তেলী সমাজক গালি-গালাজ কৰিছে।''

বীৰ চাভাৰকাৰ সন্দৰ্ভত কংগ্ৰেছ নেতাগৰাকীৰ বক্তব্যৰ প্ৰসংগত ৰাহুল গান্ধীকো লক্ষ্য কৰি লয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ কয়, ‘বীৰ চাভাৰকাৰৰ ওপৰত তেওঁ মন্তব্য কৰা উচিত নহয়। বীৰ চাভাৰকাৰেই সৰ্বাধিক অত্যাচাৰ ভোগ কৰিছিল। তেওঁ আইতাকৰ (ইন্দিৰা গান্ধীৰ) ভাষণ শুনা উচিত, ৰাহুলৰ লগৰবোৰেও তেওঁক বুজাই আছে।



‘ৰাইজিং ইণ্ডিয়া’ক কেনেদৰে দেখে আৰু ইয়াত প্ৰকৃত নায়কৰ অৱদান কি বুলি সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘ভাৰত সকলো ক্ষেত্ৰতে নিজকে প্ৰমাণ কৰিছে, বিগত ১০ বছৰত প্ৰতিৰক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত সৰ্বাধিক কাম কৰা হৈছে। ভাৰতে বহু ক্ষেত্ৰত অবিৰতভাৱে কাম কৰি আহিছে, ইয়াৰ কৃতিত্ব মাটিত কাম কৰা লোকসকলৰ হাতত। ২০৪৭ চনত যেতিয়া স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব, তেতিয়া ভাৰত প্ৰতিটো ক্ষেত্ৰতে প্ৰথম স্থানত থাকিব।

শেহতীয়া বাতৰি