শ্বাহৰুখ খানৰ ব্লকবাষ্টাৰ ছবি পাঠানৰ সফলতাত উল্লসিত পৰিচালক সিদ্ধাৰ্থ আনন্দই নিউজ১৮ ৰাইজিং ইণ্ডিয়া ছামিট ২০২৩ত অংশ লৈছিল আৰু ইয়াত তেওঁ কয় যে পাঠান ছবিখনৰ সফলতাই পুনৰবাৰ বলীউড চলচ্চিত্ৰ জগতখনক সজীৱ কৰি তুলিছে।
নিউজ১৮ ইণ্ডিয়াৰ পৰিচালন সম্পাদক কিশোৰ আজৱানীৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত পাঠানৰ পৰিচালক সিদ্ধাৰ্থ আনন্দই দক্ষিণৰ ছবি আৰু বলীউড ছবিৰ প্ৰতি মানুহৰ মনোভাৱৰ বিষয়ে মুকলিকৈ কয়।
উল্লেখ্য, শ্বাহৰুখ খানৰ ছবি পাঠানে বক্স অফিচত উপাৰ্জন কৰিছে অভিলেখৰ জোখেৰে। শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত পাঠানৰ পৰিচালনাত আছিল সিদ্ধাৰ্থ আনন্দ।
সাক্ষাৎকাৰৰ সময়ত যেতিয়া নিউজ১৮ ইণ্ডিয়াৰ পৰিচালন সম্পাদক কিশোৰ আজৱানীয়ে সুধিছিল যে পাঠানৰ পৰা ১০০০ কোটি উপাৰ্জন কৰাৰ পিছত কেনে অনুভৱ হৈছিল? সিদ্ধাৰ্থ আনন্দই কয় যে বহুতে ভাল অনুভৱ হৈছিল। অৱশ্যে ধেমালিতে তেওঁ কয় যে অৱশ্যে গোটেই টকাখিনি মোৰ ওচৰলৈ নাহিল। তেওঁ কয় যে ক’ৰোনা যুগৰ পিছত ছবিজগতখন অতি বেয়াকৈ প্ৰভাৱিত হৈছিল আৰু এনে এটা সময় আহিছিল যেতিয়া ছবিবোৰ চলা নাছিল, কিন্তু তেনে সময়ত পাঠানে আহি চলচ্চিত্ৰ জগতখন এতিয়াও জীয়াই আছে বুলি ইংগিত দিলে।
তেন্তে আপুনি নেকি বলীউডৰ ত্ৰাণকৰ্তা বুলি সোধা প্ৰশ্নৰ উত্তৰত সিদ্ধাৰ্থই কয়- মই এজন শ্ৰমিক আৰু মই উদ্যোগটোত কাম কৰি আছোঁ আৰু উদ্যোগটো এতিয়াও জীয়াই আছে। এয়াই যথেষ্ট। দক্ষিণ ভাৰতীয় ছবিবোৰ অধিক চলি আছিল আৰু কোৱা হৈছিল যে এতিয়া হিন্দী ছবিৰ সময় শেষ হ’ল।
প্ৰত্যাহ্বানটো ডাঙৰ আছিল নেকি? এই প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে আমাৰ ছবিবোৰ চলি থকা নাছিল সেয়া ঠিকেই আছে। কিন্তু দৰ্শক হিচাপে আমিও চাব লাগে যে কিমানখন দক্ষিণৰ ছবি চলি থকা নাই। এইটোও চাব লাগিব। ছাউথেও একে সংখ্যক ছবি নিৰ্মাণ কৰে, তেওঁলোকৰ ছবিও চলি নাথাকে আৰু মাত্ৰ কেইখনমানহে হিট হয়। ছাউথৰ ছবিবোৰ বলীউডৰ ছবিৰ দৰে চলি থকা নাছিল।
পাঠান বৰ্জনৰ বাবে সৃষ্টি হোৱা ট্ৰেণ্ডত ভয় খাইছিল নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়- আমি তাক লৈ ভয় খোৱা নাছিলোঁ। আমি জানিছিলোঁ যে আমাৰ ছবিখনত আপত্তিজনক একো নাই। আমি স্পেইনত আছিলোঁ আৰু মই সেই সাজযোৰ বাছি লৈছিলোঁ আৰু কি হ’ব সেই বিষয়ে বিশেষ একো নাভাবিলোঁ। ৰংটো ভাল লাগিছিল। সাজ-পোছাক নিৰ্বাচন কৰি থাকোঁতে আমি ইয়াৰ ৰঙৰ অনুভৱৰ দিশটোও চাও। বেচৰম ৰং গীতটিৰ সাজ-পোছাকক লৈ যেতিয়া হুলস্থুল হৈছিল তেতিয়া আমি ভাবিছিলোঁ যে যেতিয়া দৰ্শকে দেখিব তেতিয়া বুজিব যে ইয়াত একো দোষ নাই। দৰ্শকে ছবিঘৰলৈ আহি বৰ্জন আন্দোলনক ভুল বুলি প্ৰমাণ কৰাটো প্ৰশংসনীয়। যেতিয়া আপুনি বয়কটৰ কথা কয় তেতিয়া এইটো গমি চোৱা নাযায় যে এখন চিনেমাৰ বাবে কিমান মানুহৰ ঘৰ চলি থাকে। প্ৰতিদিনে মোৰ চেটত ৩০০ মানুহে কাম কৰে। বৰ্জন বুলি কোৱাটো সহজ।
পাঠান চেন্সৰ ব’ৰ্ডলৈ যোৱাৰ প্ৰসংগত কি ক’লে পৰিচালক সিদ্ধাৰ্থ আনন্দই?
সিদ্ধাৰ্থ আনন্দই কয় যে মই চেঞ্চৰ ব’ৰ্ডক প্ৰশংসা কৰিব বিচাৰিছোঁ যে যেতিয়া তেওঁলোকে ছবিখন প্ৰত্যক্ষ কৰিছিল, সেই সময়ত পাঠানৰ বৰ্জনক লৈ হুলস্থুল হৈছিল আৰু চেঞ্চৰ ব’ৰ্ডৰ ওপৰত হেঁচা আছিল। চেন্সৰ ব’ৰ্ডৰ সদস্যসকলে ছবিখন চাই তেওঁলোকে ভুল হোৱাৰ কোনো কথা কোৱা নাছিল। ৱাৰ চিনেমাখন যেনেকৈ চেন্সৰ কৰিছিল, ঠিক সেইদৰে পাঠানৰো চেঞ্চৰ কৰিছিল।
Published by: Gautam Barman
FIRST PUBLISHED : March 30, 2023, 19:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।