মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»OBC সকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে! কিন্তু কি এই ভাল খবৰ?

OBC সকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে! কিন্তু কি এই ভাল খবৰ?

News18 Assam | News18-Assam
Updated:January 8, 2020, 8:02 PM IST
OBC সকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে! কিন্তু কি এই ভাল খবৰ?
Source-Google

বিশেষ পিছপৰা শ্ৰেণীৰ অন্তৰ্গত সকলৰ বাবে চাকৰিৰ উপহাৰ কেন্দ্ৰীয় চৰকাৰৰ!

  • Share this:
কেন্দ্ৰীয় চৰকাৰে অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে চৰকাৰী চাকৰিত সংৰক্ষিত আসন বৃদ্ধিৰ চিন্তা চৰ্চা কৰিছে। ২০১২ ৰ তুলনাত এতিয়া চৰকাৰী চাকৰিত OBC লোকৰ সংখ্যা বাঢ়িছে যদিও এই হাৰ আৰু বঢ়োৱাত এতিয়া চিন্তা চৰ্চা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

উল্লেখযোগ্য যে, ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ প্ৰায় ৫২ শতাংশ লোক অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত। কিন্তু চৰকাৰী চাকৰিত প্ৰতিনিধিত্ব কৰিব পৰা নাই এই হাৰৰ আধা সংখ্যক লোকেও। এই সংখ্যা লোকসেৱা আয়োগ, নিৰ্বাচন আয়োগকে ধৰি দেশৰ ৭৮ টা মন্ত্ৰণালয় আৰু বিভাগবোৰৰ লগত জড়িত কাৰ্যালয়ত কাম কৰা কৰ্মচাৰী সকলক লৈ নিৰ্ধাৰণ কৰা হয়।

কিন্তু এতিয়া ভাৰতৰ অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে। ইতিমধ্যে নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ OBC শ্ৰেণীৰ লোকসকলৰ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত OBC ৰ প্ৰতিনিধিৰ হাৰ বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে!২০১২ চনত চৰকাৰী চাকৰিত OBC লোকৰ  সংখ্যাৰ হাৰ ১৬.৫৫ শতাংশ আছিল, কিন্তু ২০১৬ চনত নৰেন্দ্ৰ মোদী চৰকাৰে এই হাৰ ২১.৫৭ শতাংশলৈ বৃদ্ধি কৰে। তথাপিও কিন্তু চৰকাৰী চাকৰিত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা ২৭ শতাংশ সংৰক্ষণৰ কাষ চাপিবলৈ এতিয়াও দূৰত আছে OBC শ্ৰেণীৰ অন্তৰ্গত লোকসকল।
Published by: Himangshu Bhuyan
First published: December 21, 2019, 11:00 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি