আপুনি OBC নেকি? আপোনাৰ বাবে চাকৰিৰ উপহাৰ মোদীৰ!
News18-Assam Updated:June 7, 2019, 6:52 PM IST

ভাৰতৰ অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে।
ভাৰতৰ অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে।
- News18 Assam
- Last Updated: June 7, 2019, 6:52 PM IST
২০১২ চনত চৰকাৰী চাকৰিত OBC লোকৰ সংখ্যাৰ হাৰ ১৬.৫৫ শতাংশ আছিল, কিন্তু ২০১৬ চনত নৰেন্দ্ৰ মোদী চৰকাৰে এই হাৰ ২১.৫৭ শতাংশলৈ বৃদ্ধি কৰে। তথাপিও কিন্তু চৰকাৰী চাকৰিত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা ২৭ শতাংশ সংৰক্ষণৰ কাষ চাপিবলৈ এতিয়াও দূৰত আছে OBC শ্ৰেণীৰ অন্তৰ্গত লোকসকল।
অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ সংখ্যা দেশত সৰ্বাধিক আছে। ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ প্ৰায় ৫২ শতাংশ লোক অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত। কিন্তু চৰকাৰী চাকৰিত প্ৰতিনিধিত্ব কৰিব পৰা নাই এই হাৰৰ আধা সংখ্যক লোকেও। এই সংখ্যা লোকসেৱা আয়োগ, নিৰ্বাচন আয়োগকে ধৰি দেশৰ ৭৮ টা মন্ত্ৰণালয় আৰু বিভাগবোৰৰ লগত জড়িত কাৰ্যালয়ত কাম কৰা কৰ্মচাৰী সকলক লৈ নিৰ্ধাৰণ কৰা হয়। ২০১২ ৰ তুলনাত এতিয়া চৰকাৰী চাকৰিত OBC লোকৰ সংখ্যা বাঢ়িছে যদিও এই হাৰ আৰু বঢ়োৱাত এতিয়া চিন্তা চৰ্চা কৰিছে কেন্দ্ৰীয় চৰকাৰে।
