• Home
  • »
  • News
  • »
  • nation
  • »
  • সংসদত অভব্য আচৰণ! ৰিপুণ বৰাসহ ৮জন বিৰোধী সাংসদক অধিবেশনৰ পৰা নিলম্বন

সংসদত অভব্য আচৰণ! ৰিপুণ বৰাসহ ৮জন বিৰোধী সাংসদক অধিবেশনৰ পৰা নিলম্বন

দেওবাৰে চৰকাৰে এক হুলস্থুলীয়া পৰিৱেশৰ মাজত দুখনকৈ কৃষি সম্বন্ধীয় বিধেয়ক ৰাজ্যসভাত গৃহীত কৰিছিল।

দেওবাৰে চৰকাৰে এক হুলস্থুলীয়া পৰিৱেশৰ মাজত দুখনকৈ কৃষি সম্বন্ধীয় বিধেয়ক ৰাজ্যসভাত গৃহীত কৰিছিল।

দেওবাৰে চৰকাৰে এক হুলস্থুলীয়া পৰিৱেশৰ মাজত দুখনকৈ কৃষি সম্বন্ধীয় বিধেয়ক ৰাজ্যসভাত গৃহীত কৰিছিল।

  • Share this:
আজি ৰাজ্যসভাৰ ৮জন সদস্যক চলিত অধিববেশনৰ পৰা নিলম্বন কৰে সভাপতিয়ে। চলিত অধিবেশনৰ পৰা অভব্য আচৰণৰ অভিযোগত নিলম্বন হোৱা ৮জনৰ ভিতৰত আছে অসমৰ কংগ্ৰেছ সাংসদ ৰিপুণ বৰা। ৰাজ্যসভা পৰিচালনা নিয়মাৱলীৰ দফা ২৫৫ই প্ৰদান কৰা কৰ্তৃত্বৰ যোগেদি সদনৰ পৰা বাহিৰ কৰি দিয়ে ৮জন সদস্যক।

দেওবাৰে চৰকাৰে এক হুলস্থুলীয়া পৰিৱেশৰ মাজত দুখনকৈ কৃষি সম্বন্ধীয় বিধেয়ক ৰাজ্যসভাত গৃহীত কৰিছিল। এই সময়ছোৱাতে আম আদমী পাৰ্টীৰ সদস্য সঞ্জয় সিং আৰু কংগ্ৰেছ দলৰ সদস্য ৰাজীৱ সাতৱে ৰাজ্যসভাৰ সচিব প্ৰধানৰ টেবুলত উঠি বিধেয়ক দুখনৰ বিৰুদ্ধে প্ৰতিবাদ সব্যস্ত কৰিছিল। তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ব্রায়েনে ৰাজ্যসভা পৰিচালনা নিয়মাৱলী পুস্তিকা ফালি পেলাইছিল। আন কিছু সদস্যই নিজ আসনৰ সন্মুখৰ মাইক উভালি পেলাইছিল আৰু বিধেয়কৰ প্ৰতিলিপি ফালি পেলাইছিল।

উল্লেখযোগ্য যে ৰাজ্যসভাত বিৰোধী দলৰ সদস্যসকলে বিধেয়ক কেইখন Select Committeeলৈ প্ৰেৰণ কৰাৰ আৰু সোমবাৰে পুনৰ আলোচনা অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছিল। কিন্তু সেই সময়ত সদন পৰিচালনা কৰি থকা উপ–সভাপতি হৰিবংশ সিঙে সেই অনুমতি প্ৰদান নকৰিলে আৰু কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিঙৰ বিধেয়ক সম্বন্ধীয় প্ৰত্যুত্তৰবোৰৰ অন্তত বিলখন ভোটিঙৰ কাৰণে আগবঢ়াই দিয়ে। ভোটিঙৰ সময়ত কিছু বিৰোধী সদস্যই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে।

এনেধৰণৰ আচৰণৰ কাৰণেই ৮সদস্যক নিলম্বন কৰা হৈছে। নিলম্বন হোৱা বাকী ৭জন সদস্য হৈছে – ডেৰেক অ’ব্রায়েন (তৃণমূল কংগ্ৰেছ), সঞ্জয় সিং (আম আদমী পাৰ্টি), ৰাজীৱ চাতৱ (কংগ্ৰেছ), কে কে ৰাগেশ (চিপিএম), চৈয়দ নাচিৰ হুছেইন (কংগ্ৰেছ), ডলা সেন (তৃণমূল কংগ্ৰেছ) আৰু ইলামৰাম কাৰীম (চিপিএম)।

আজি সভাপতিয়ে এওঁলোকক এজন এজনকৈ নাম লৈ সদনৰ পৰা বাহিৰ কৰি দিয়ে । এই সদস্যসকলৰ বিৰুদ্ধে উপ–সভাপতিক শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ চেষ্টা কৰাৰো অভিযোগ উত্থাপন হৈছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি