ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ Q1ত ১০,১০৪ কোটি টকাৰ লাভ, জিঅ’ৰ লাভ ৪৫.৬ শতাংশলৈ বৃদ্ধি

বিত্তীয় বৰ্ষ ২০২০ৰ প্রথমটো কোৱাৰ্টাৰত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ ১০,১০৪ কোটি টকাৰ Consolidated লাভ। লগতে এই সময়সীমাত কোম্পানীৰ আয় ১.৫৭ লাখ কোটি টকা।

News18-Assam
Updated:July 19, 2019, 9:57 PM IST
ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ Q1ত ১০,১০৪ কোটি টকাৰ লাভ, জিঅ’ৰ লাভ ৪৫.৬ শতাংশলৈ বৃদ্ধি
বিত্তীয় বৰ্ষ ২০২০ৰ প্রথমটো কোৱাৰ্টাৰত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ ১০,১০৪ কোটি টকাৰ Consolidated লাভ। লগতে এই সময়সীমাত কোম্পানীৰ আয় ১.৫৭ লাখ কোটি টকা।
News18-Assam
Updated: July 19, 2019, 9:57 PM IST
ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ(RIL)য়ে শুকুৰবাৰে বিত্তীয় বৰ্ষ ২০২০ৰ প্ৰথমটো কোৱাৰ্টাৰৰ ফলাফল ঘোষণা কৰিছে। বিত্তীয় বৰ্ষ ২০২০ৰ প্রথমটো কোৱাৰ্টাৰত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ ১০,১০৪ কোটি টকাৰ Consolidated লাভ। বিগত বিত্তীয় বষৰ্ৰ সমানে কোৱাৰ্টাৰত হোৱা ৯,৪৫৯ কোটি টকাৰ লাভতকৈ ৬.৮ শতাংশই অধিক। লগতে এই সময়সীমাত কোম্পানীৰ আয় ১.৫৭ লাখ কোটি টকা। জিঅ’ৰ লাভ ৪৫.৬ শতাংশ বৃদ্ধি হৈ ৮৯১ কোটি টকা হৈছে।

প্ৰথমটো কোৱাৰ্টাৰত কোম্পানীৰ GMR বিগত কোৱাৰ্টাৰৰ ৮.২০ ডলাৰ প্ৰতিটো বেৰেলৰ পৰা হ্ৰাস হৈ ৮.১০ ডলাৰ হৈছে প্ৰতি বেৰেলত। কোৱাৰ্টাৰৰ দৰ কোৱাৰ্টাৰৰ আধাৰত প্ৰথমটো কোৱাৰ্টাৰত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ Consolidated Abitda Margin ১৫ শতাংশৰ পৰা হ্ৰাস হৈ ১৩.৬ শতাংশ আৰু Consolidated Abitda ২০,৮৩২ কোটিৰ পৰা বৃদ্ধি হৈ ২১,৩১৫ কোটি হৈছে।



RILৰ Q1FY20ত Consolidated Petrochemical EBIT ৭৫০৮ কোটি টকা হৈছে, পূৰ্বে আছিল Q1FY1ত ৭,৮৫৭ কোটি টকা।
আৰু চাওক পৰৱৰ্তী বাতৰি