• Home
  • »
  • News
  • »
  • nation
  • »
  • RIL Q4: ৰিলায়েন্স জিঅ’ৰ লাভ ২৩৩১ কোটি টকা, বৃদ্ধি ৭৩ শতাংশ

RIL Q4: ৰিলায়েন্স জিঅ’ৰ লাভ ২৩৩১ কোটি টকা, বৃদ্ধি ৭৩ শতাংশ

ভাৰতৰ প্ৰথম ক্লাউড–বেছড ভিডিঅ’ কনফাৰেন্সিং এপ হৈছে JioMeet, যিটো বৰ্তমানলৈ ৫ মিলিয়নৰো অধিক গ্ৰাহকে ডাউনলোড কৰিছে। আম্বানীয়ে কয় – সংগঠিত খুচুৰা আৰু ডিজিটেল সেৱাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে আমাৰ ডিজিটেল পৰিসেৱাৰ ব্যৱসায় বিগত বছৰৰ তুলনাত ১০ শতাংশ বৃদ্ধি পাইছে।

ভাৰতৰ প্ৰথম ক্লাউড–বেছড ভিডিঅ’ কনফাৰেন্সিং এপ হৈছে JioMeet, যিটো বৰ্তমানলৈ ৫ মিলিয়নৰো অধিক গ্ৰাহকে ডাউনলোড কৰিছে। আম্বানীয়ে কয় – সংগঠিত খুচুৰা আৰু ডিজিটেল সেৱাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে আমাৰ ডিজিটেল পৰিসেৱাৰ ব্যৱসায় বিগত বছৰৰ তুলনাত ১০ শতাংশ বৃদ্ধি পাইছে।

বিশাল লাভৰ মুখ দেখিছে জিঅ’ই

  • Share this:
ল’ক ডাউনৰ ফলত দেশত এতিয়া স্থৱিৰ হৈ পৰিছে ব্যৱসায় বাণিজ্য। তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে দেশৰ উদ্যোগসমূহ। ল’ক ডাউনৰ প্ৰভাৱ কিছু পৰিমাণে পৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজতো। কিন্তু এই সময়ছোৱাতো বিশাল লাভৰ মুখ দেখিছে জিঅ’ই। চতুৰ্থ ত্ৰিমাসিকত ৰিলায়েন্স জিঅ’ৰ বৃদ্ধিৰ হাৰ ৭৩ শতাংশ। লাভ ২৩৩১ কোটি টকা।



ৰিলায়েন্স জিঅ’ৰ বিগত বিত্তীয় বৰ্ষত বৃদ্ধিৰ হাৰ আছিল সকলো মিলাই ১৭৭.৫ শতাংশ। সেইদৰে ৰাজহ বৃদ্ধি পাইছিল ৬.২ শতাংশ।

জিঅ’ৰ বৃদ্ধি পাইছে ইণ্টাৰনেট ডাটাৰ ব্যৱহাৰো। ডিচেম্বৰ ত্ৰিমাসিকত প্ৰতি ইউজাৰ অনুসৰি ১১.১ জিবি। কিন্তু চতুৰ্থ ত্ৰিমাসিকত এই পৰিমাণ বৃদ্ধি পাই হৈছেগৈ ১১.৩ জিবি।ইয়াৰ উপৰিও ল’ক ডাউন ৰ সময়ত ইণ্টাৰনেট ব্যৱহাৰকাৰী বৃদ্ধি পাইছে ৫০ শতাংশ।



ল’ক ডাউনৰ সময়তে ৰিলায়েন্স জিঅ’ আৰু  ফেচবুকৰ মাজত সম্পাদিত হ’ল এখন বৃহত্‍ চুক্তি।  ৰিলায়েন্স জিঅ’ৰ ৯.৯৯ শতাংশ শ্বেয়াৰ ক্ৰয় কৰিছে ফেচবুকে। বিশ্বৰ সৰ্ববৃহত্‍ প্ৰতিষ্ঠান দুটাৰ মাজত হোৱা এই চুক্তিয়ে এতিয়া কঢ়িয়াই আনিছে কেইবাটাও দিশত সম্ভাৱনা।

ৰিলায়েন্স জিঅ’ৰ এনে চমক প্ৰদ উত্থানৰ সন্দৰ্ভত  ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ চেয়াৰমেন মুকেশ আম্বানীয়ে কয় যে, ‘আমি সুখী যে, এনে কঠিন সময়তো নিজৰ গ্ৰাহকৰ বাবে কানেক্টিভিটী আৰু কাম-কাজ অধিক সহজ হৈ পৰিল। জিঅ’ৰ প্ৰতিজন কৰ্মচাৰীয়ে ‘প্ৰথমে গ্ৰাহক’ মুলমন্ত্ৰৰে কাম কৰাৰ বাবেই এই ফল আহিছে। গ্ৰাহকৰ পৰাও আশীৰ্বাদ লাভ কৰিছো। এতিয়া আমি প্ৰায় ৪০ কোটি ভাৰতীয়লৈ সেৱা আগবঢ়াই আছো।’

জিঅ’ই ভাৰতৰ ডিজিটেল ক্ষেত্ৰখনৰ নেতৃত্ব বহন কৰিছে। আমাৰ সেৱা যাতে অধিক শক্তিশালী কৰিব পাৰো, এই দিশত অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে।

আমি মনোৰঞ্জন, বানিজ্য, বিত্ত, শিক্ষা, স্বাস্থ্য আদি ক্ষেত্ৰত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ টেকনীক, সৰ্বশ্ৰেষ্ঠ কানেক্টিভিটী নেটৱৰ্কৰ সৈতে উন্নত মানৰ ডিজিটেল প্লেটফৰ্ম প্ৰদান কৰিম। আমাৰ লক্ষ্য ভাৰতৰ ৬ কোটি সুক্ষ্ম, লঘূ আৰু মধ্যমীয়া ব্যৱসায়ীসকল, ১২ কোটি কৃষক।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি