দ্বিতীয় ত্ৰিমাসিকত ৯,৫৬৭ কোটি টকাৰ লাভ ৰিলায়েন্সৰ, সংগ্ৰহ কৰিলে ১.২ লাখ কোটিৰ ৰাজহ

মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ বাবে ভাল খবৰ
মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ বাবে ভাল খবৰ
- News18 Assam
- Last Updated: October 31, 2020, 9:50 AM IST
ৰিলায়েন্সে নিজৰ সকলো ব্যৱসায়কে শক্তিশালী ৰূপত গঢ় দিছে। ছেপ্তেম্বৰ ত্ৰিমাসিকত ৯,৫৬৭ কোটি টকাৰ লাভ হৈছে দেশৰ সৰ্ববৃহত্ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানটোৰ। উল্লেখ্য যে, যোৱা জুন ত্ৰিমাসিকত এই লাভৰ পৰিমাণ আছিল ৮,৩৮০ কোটি টকা।
কোৰোণা মহামাৰীৰ বাবে সমগ্ৰ বিশ্বতে ব্যৱসায়, বাণিজ্য লোকচানৰ সন্মুখীন হৈছে। লাভৰ মুখ দেখা নাই বহু আগশাৰীৰ প্ৰতিষ্ঠানে। কিন্তু সেই সময়তে ব্যতিক্ৰম ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ। টেলিকম ব্যৱসায় সংস্থাৰ দুৰ্দান্ত লাভ আগতেও হৈছিল। অন্যান্য চেক্টৰতো এতিয়া লাহে লাহে লাভৰ মুখৰ দেখিছে প্ৰতিষ্ঠানটোৱে। এই সন্দৰ্ভত সংস্থাৰ চেয়াৰমেন মুকেশ আম্বানীয়ে কয় যে, প্ৰথম ত্ৰিমাসিকৰ তুলনাত দ্বিতীয় ত্ৰিমাসিকত সকলো ক্ষেত্ৰতে পাৰফ’ৰমেন্স ভাল হৈছে। পেট্ৰ’কেমিকেলছ আৰু ৰিটেইল ব্যৱসায়ৰ লগতে ডিজিটেল চাৰ্ভিচৰ ব্যৱসায়ো বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।’