உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Reliance AGM 2021 : ৫জি ফোন মুকলি কৰাৰ লগতে ৰিলায়েঞ্চৰ ৪৪সংখ্যক AGMত ১০টা ডাঙৰ ঘোষণা

    Reliance AGM 2021 : ৫জি ফোন মুকলি কৰাৰ লগতে ৰিলায়েঞ্চৰ ৪৪সংখ্যক AGMত ১০টা ডাঙৰ ঘোষণা

    ইয়াৰ উপৰি তেওঁ গুগলৰ সৈতে মিলি জিঅ’ৰ নতুন ৫জি ‘জিঅ’ ফোন নেক্সট’ ফোন মুকলি কৰাৰ কথা ঘোষণা কৰে। জানক বাৰ্ষিক সভাৰ এইসমূহ ডাঙৰ ঘোষণাৰ বিষয়ে

    ইয়াৰ উপৰি তেওঁ গুগলৰ সৈতে মিলি জিঅ’ৰ নতুন ৫জি ‘জিঅ’ ফোন নেক্সট’ ফোন মুকলি কৰাৰ কথা ঘোষণা কৰে। জানক বাৰ্ষিক সভাৰ এইসমূহ ডাঙৰ ঘোষণাৰ বিষয়ে

    ইয়াৰ উপৰি তেওঁ গুগলৰ সৈতে মিলি জিঅ’ৰ নতুন ৫জি ‘জিঅ’ ফোন নেক্সট’ ফোন মুকলি কৰাৰ কথা ঘোষণা কৰে। জানক বাৰ্ষিক সভাৰ এইসমূহ ডাঙৰ ঘোষণাৰ বিষয়ে

    • Share this:
    RIL AGM 2021: ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ ৪৪সংখ্যক বাৰ্ষিক সাধাৰণ সভাত কেইবাটাও ডাঙৰ ঘোষণা কৰা হৈছে। অধ্যক্ষ মুকেশ আম্বানীয়ে বাৰ্ষিক সাধাৰণ সভাত সম্বোধন কৰে। কোৰোণাৰ সংকটৰ সময়ত কোম্পানীৰ ডাঙৰ পদক্ষেপসমূহ উল্লেখ কৰে আম্বানীয়ে। ইয়াৰ উপৰি তেওঁ গুগলৰ সৈতে মিলি জিঅ’ৰ নতুন ৫জি ‘জিঅ’ ফোন নেক্সট’ ফোন মুকলি কৰাৰ কথা ঘোষণা কৰে। জানক বাৰ্ষিক সভাৰ এইসমূহ ডাঙৰ ঘোষণাৰ বিষয়ে।

    ১. ৫জি ফোনৰ ঘোষণা – ৰিলায়েঞ্চে নিজৰ এজিএমত জিঅ’ৰ নতুন ৫জি ‘জিঅ’ ফোন নেক্সট’ৰ মুকলিৰ কথা ঘোষণা কৰে। গুগলৰ সৈতে মিলি নিৰ্মাণ কৰা হৈছে এই ফোন। এই ফোন মুকলি কৰি গুগলৰ চিইঅ’ সুন্দৰ পিচায়ে কয় যে এই ফোনৰ ইণ্টাৰনেট স্পীড ভাল হ’ব। কোম্পানীৰ এই সস্তা স্মাৰ্টফোন গণেশ চতুৰ্থীৰ দিনা অৰ্থাৎ ১০ ছেপ্টেম্বৰত বজাৰত উপলব্ধ হ’ব।

    ২. ৭৫,০০০ নতুন চাকৰি – মুকেশ আম্বানীয়ে কয় যে RIL–এ বিগত ১ বছৰত ৭৫,০০০ নতুন চাকৰি দিছে। প্ৰাইভেট ছেক্টৰত ৰিলায়েঞ্চ দেশৰ আটাইতকৈ বৃহত‍ কাষ্টম আৰু এক্সাইজ ডিউটী পে’ কৰা কোম্পানী। আমি দেশৰ সৰ্ববৃহৎ merchandise exporter। আমি দেশত সৰ্বাধিক GST, VAT আৰু ইনকাম টেক্স পৰিশোধ কৰে।

    ৩. কনচোলিডেটেড ৰেভিনিউ প্ৰায় ৫,৪০,০০০ কোটি – মুকেশ আম্বানীয়ে কয় যে বিগত ১ বছৰত ৩.২৪ লাখ কোটি টকাৰ ইকুইটী কেপিটেল সংগ্ৰহ কৰিছে। আমি এই বিষয়ক লৈ সুখী যে আমাৰ ৰিটেইল শ্বেয়াৰহোল্ডাৰ্ছে ৰাইটছ ইছ্যুতকৈ ৪গুণ ৰিটাৰ্ণ পাইচে। তেওঁ কয় যে RILৰ কনচোলিডেটেড ৰেভিনিউ প্ৰায় ৫,৪০,০০০ কোটি টকা। আমাৰ উপভোক্তা ব্যৱসায় দ্ৰুতগতিত আগবাঢ়িছে।

    ৪. ব্যৱসায় আৰু ফাইনেন্স আশা কৰাতকৈ অধিক বৃদ্ধি – মুকেশ আম্বানীয়ে কয় যে বিগত এজিএমৰ পৰা এতিয়ালৈ আমাৰ ব্যৱসায় আৰু ফাইনেন্স আশা কৰাতকৈ অধিক বৃদ্ধি হৈছে, কিন্তু আমি আটাইতকৈ সুখী এই কথাটোত যে আমি এই বিৰদৰ সময়ত মানৱতাৰ সেৱাৰ বাবে কেইবাটাও প্ৰয়াস কৰিছো। ৰিলায়েঞ্চ পৰিয়ালে কোৰোণাৰ সময়ত সুন্দৰ কাম কৰিছে, যাৰ বাবে হয়তো আমাৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ধীৰুভাই আম্বানীয়ে আমাক লৈ গৌৰৱ কৰিছে।

    ৫. গ্ৰীন এনাৰ্জী প্লান – মুকেশ আম্বানীয়ে কোম্পানীৰ গ্ৰীন এনাৰ্জী প্লানৰ ঘোষণা কৰে। জামনগৰত ৫,০০০ একৰ ভূমিত ধীৰুভাই আম্বানী গ্ৰীন এনাৰ্জী গিগা কমপ্লেক্স বিকশিত কৰাৰ কাম আৰম্ভ কৰা হৈছে। এই ব্যৱসায়ত ৬০,০০০ কোটি টকা বিনিয়োগ কৰা হ’ব।

    ৬. গ্ল’বেল হ’ব ৰিলায়েঞ্চ – ইয়াৰ উপৰি মুকেশ আম্বানীয়ে এজিএমত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ গ্ল’বেল হোৱাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে তেওঁৰ গ্ল’বেল পৰিকল্পনাৰ ঘোষণা আগন্তুক সময়ত কৰা হ’ব। তেওঁ কয় যে চৌদি আৰামকোৰ য়াছিৰ অল ৰুমায়নক ৰিলায়েঞ্চ ব’ৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছে, এয়া ৰিলায়েঞ্চক গ্ল’বেল কৰাৰ আৰম্ভণি।

    ৭. মুকেশ আম্বানীয়ে কয় যে এই বছৰত কোম্পানীয়ে আশা কৰিছে যে ছৌদি আৰামকোৰ সৈতে হোৱা চুক্তি এই বৰ্ষত কাৰ্যকৰী হ’ব।

    ৮. ৰিলায়েঞ্চ ভেলু চেইন পাৰ্টনাৰশ্বিপ আৰু ফিউচাৰ টেকন’লজীৰ ওপৰত ১৫,০০০ কোটি টকা বিনিয়োগ কৰা হ’ব : মুকেশ আম্বানী।

    ৯. নতুন শক্তি ব্যৱসায় – ২০২১ত আমি দেশ আৰু বিশ্বত গ্ৰীন এনাৰ্জী ডিভাইডৰ বাবে নতুন এনাৰ্জী ব্যৱসায় মুকলি কৰিম। আমি ৰিলায়েঞ্চ নিউ এনাৰ্জী কাউন্সিল গঠন কৰিছো। কোম্পানীয়ে ১০০ গিগাৱাট সৌৰশক্তি উৎপাদন কৰিব : মুকেশ আম্বানী।
    Published by:Sanjay Kumar Das
    First published: