গুগলৰ সৈতে মিলি স্মাৰ্টফোন বনাব ৰিলায়েঞ্চে, ক’লে RILৰ অধ্যক্ষ মুকেশ আম্বানীয়ে

নতুন Jio TV+ক লৈও বিশেষ ঘোষণা কৰে মুকেশ আম্বানীয়ে।
নতুন Jio TV+ক লৈও বিশেষ ঘোষণা কৰে মুকেশ আম্বানীয়ে।
- News18 Assam
- Last Updated: July 15, 2020, 3:58 PM IST
নতুন Jio TV+ক লৈও বিশেষ ঘোষণা কৰে মুকেশ আম্বানীয়ে। নতুন Jio TV+ত নেটফ্লিক্স, এমেজন, প্ৰাইম ভিডিঅ’, হটষ্টাৰৰ দৰে অ’টিটি চেনেল থাকিব। ইয়াত লগইনৰ বাবে পৃথক পৃথক আই ডি–পাছৱৰ্ডৰ প্ৰয়োজন নাই। Jio TV+ৰ সৈতেই আপুনি এটা ক্লিকতে যিকোনো অ’টিটিত অনুষ্ঠান উপভোগ কৰিব পাৰিব।
মুকেশ আম্বানীয়ে কয় যে জিঅ’ই 5G ছলুশ্যন ডেভেল’প কৰিছে, যিয়ে ভাৰতত বিশ্বমানৰ 5G সেৱা প্ৰদান কৰিব। লগতে আম্বানীয়ে কয় যে স্পেকট্ৰামৰ উপলব্ধতাৰ সৈতে ইয়াৰ ট্ৰায়েল আৰম্ভ হ’ব।
কোৰোণাৰ সংকটৰ সময়তো নিজৰ ডিজিটেল প্লেটফৰ্মত বিশ্বৰ বৃহৎ বিনিয়োগকাৰীৰ ফালৰ পৰা বৃহৎ পৰিমাণৰ বিনিয়োগ আনিবলৈ সক্ষম হৈছে। ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ ডিজিটেল শাখা R-Jio প্লেটফৰ্মত কোম্পানীয়ে ২২ এপ্ৰিলৰ পৰা ১২ জুলাইলৈ মুঠ ২৫.২৪ শতাংশ অংশীদাৰিত্ব বিক্ৰীৰ জৰিয়তে ১,১৮,৩১৮.৪৫ কোটি টকাৰ বিনিয়োগ আহিছে।