বিগত বৰ্ষত ৬৭ হাজাৰ কোটি টকাৰ GST পৰিশোধ ৰিয়ালেঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ

বাৰ্ষিক সন্মিলনত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীয়ে কয় যে পেট্ৰ’লিয়াম খণ্ডত চৌদি আৰৱৰ কোম্বানীৰ সৈতে চুক্তিবদ্ধ হৈছে ৰিলায়েঞ্চ।

News18-Assam
Updated:August 12, 2019, 1:53 PM IST
বিগত বৰ্ষত ৬৭ হাজাৰ কোটি টকাৰ GST পৰিশোধ ৰিয়ালেঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ
বাৰ্ষিক সন্মিলনত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীয়ে কয় যে পেট্ৰ’লিয়াম খণ্ডত চৌদি আৰৱৰ কোম্বানীৰ সৈতে চুক্তিবদ্ধ হৈছে ৰিলায়েঞ্চ।
News18-Assam
Updated: August 12, 2019, 1:53 PM IST
আজি মুম্বাইত অনুষ্ঠিত হয় ৰিলায়েঞ্চৰ ৪২সংখ্যক সাধাৰণ সভা। বাৰ্ষিক সন্মিলনত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীয়ে কয় যে পেট্ৰ’লিয়াম খণ্ডত চৌদি আৰৱৰ কোম্বানীৰ সৈতে চুক্তিবদ্ধ হৈছে ৰিলায়েঞ্চ। ৰিলায়েঞ্চ ভাৰতৰ সৰ্ববৃহৎ ৰপ্তানীকাৰী কোম্পানী আৰু ১০৭খন দেশলৈ ৰপ্তানি কৰিছে ৰিলায়েঞ্চৰ। বিগত বৰ্ষত RIL–এ ৬৭ হাজাৰ কোটি টকাৰ সৰ্বাধিক GST পৰিশোধ কৰা বুলিও উল্লেখ কৰে মুকেশ আম্বানীয়ে।

মুকেশ আম্বানীয়ে কয় – ৩৪০ মিলিয়ন ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰি বিশ্বৰ দ্ৰুত বিকাশিত ডিজিটেল সেৱা কোম্পানী হিচাপে পৰিগণিত হৈছে JIO। ২০৩০ৰ ভিতৰত ভাৰত হ’ব ১০ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ দেশ।

আম্বানীয়ে কয় যে একাংশ কোম্পানীৰ বিকাশৰ মন্থৰতা ক্ষন্তেকীয়া, ভাৰতৰ বুনিয়াদ অতি শক্তিশালী। চৌদি এৰামক’ আৰু ৰিলায়েঞ্চে তৈল পৰা ৰাসায়নিক ক্ষেত্ৰত দীৰ্ঘকালীন চুক্তিত সহমত পোষণ কৰিছে। চৌদি এমাৰক’ৱে RILৰ O2C ডিভিজনত ২০ শতাংশ শ্বেয়াৰৰ বাবে ৭৫ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰিব বুলিও কয় মুকেশ আম্বানীয়ে।

বিগত বৰ্ষত ব্যক্তিগত খণ্ডত ৰিলায়েঞ্চে সৰ্বাধিক ২৬,৩৭০ কোটিৰ শুল্ক আৰু আবকাৰী কৰ আদায় দিছে। ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহৰ ভিতৰতো সৰ্বাধিক GST পৰিশোধ কৰা কোম্পানী ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেড।
আৰু চাওক পৰৱৰ্তী বাতৰি