உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ছেপ্টেম্বৰত আৰম্ভ হ’ব জিঅ’ ফাইবাৰ সেৱা, সামৰি ল’ব ১৬০০ চহৰৰ ২০ মিলিয়ন পৰিয়ালক

    ছেপ্টেম্বৰত আৰম্ভ হ’ব জিঅ’ ফাইবাৰ সেৱা, সামৰি ল’ব ১৬০০ চহৰৰ ২০ মিলিয়ন পৰিয়ালক

    জিঅ’ গিগা ফাইবাৰৰ বাবে এতিয়ালৈ ৫ কোটিৰো অধিক পঞ্জীয়ন হৈছে।

    জিঅ’ গিগা ফাইবাৰৰ বাবে এতিয়ালৈ ৫ কোটিৰো অধিক পঞ্জীয়ন হৈছে।

    জিঅ’ গিগা ফাইবাৰৰ বাবে এতিয়ালৈ ৫ কোটিৰো অধিক পঞ্জীয়ন হৈছে।

    • Share this:
      ৰিলায়েঞ্চৰ ৪২সংখ্যক বাৰ্ষিক সভাত মুকেশ আম্বানীয়ে কয় যে যিদৰে ভাৰত নিউ ইণ্ডিয়ালৈ পৰিৱৰ্তিত হৈছে, তেনেদৰে ৰিয়ালেঞ্চেও নিজকে নিউ ৰিলায়েঞ্চলৈ সলনি কৰিব। আগন্তুক বৰ্ষটোৱে ৰিলায়েঞ্চ আৰু ভাৰতৰ ইতিহাসত আটাইতকৈ গুৰুত্বপূৰ্ণ মান নিৰ্মাণৰ কৌশল আৰম্ভ কৰিব। ১ লাখ ৩০ হাজাৰ কোটি বাৰ্ষিক ব্যৱসায়েৰে ৰিলায়েন্স ৰিটেইল ভাৰতৰ সৰ্ববৃহৎ ৰিটেইলাৰ প্ৰতিষ্ঠানৰূপে পৰিগণিত হৈছে বুলিও মন্তব্য মুকেশ আম্বানীৰ। জিঅ’ গিগা ফাইবাৰৰ বাবে এতিয়ালৈ ৫ কোটিৰো অধিক পঞ্জীয়ন হৈছে।

      ২০২০ৰ ১ জানুৱাৰীৰ পৰা বাণিজ্যিকভাৱে আৰম্ভ হ’ব ৰিলায়েঞ্চ জিঅ’ৰ IoT প্লেটফৰ্ম। চলিত বছৰৰ ছেপ্টেম্বৰত জিঅ’ৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে বাণিজ্যিকভাৱে উদ্বোধন কৰা হ’ব জিঅ’ ফাইবাৰ সেৱা। ১৬০০ চহৰৰ ২০ মিলিয়ন পৰিয়াল আৰু ১৫ মিলিয়ন ব্যৱসায়িক প্ৰতিষ্ঠানক এই সেৱাৰে সামৰাৰ লক্ষ্য ৰিলায়েঞ্চৰ।

      আম্বানীয়ে কয় যে বিগত মাহকেইটাত আমি আমাৰ MSOৰ আন্তঃগাঁথনি বিশ্বস্তৰীয় মানলৈ উন্নীত কৰিছো। এতিয়া LCO সহযোগীসকলে গ্ৰাহকক ডিটিএইচতকৈ অধিক উন্নত ফিচাৰ, নিৰ্ভৰযোগ্যতাৰ সৈতে এইচ ডি চেনেলৰ সুবিধা আগবঢ়াব পাৰিব।
      First published: