কোৰোণাত আক্ৰান্ত নেকি ৰণবীৰ কাপুৰ, নীতু কাপুৰ, কৰণ জোহৰ? স্পষ্ট কৰিলে ঋদ্ধিমাই

News18 Assam | News18-Assam
Updated:July 12, 2020, 9:02 AM IST
কোৰোণাত আক্ৰান্ত নেকি ৰণবীৰ কাপুৰ, নীতু কাপুৰ, কৰণ জোহৰ? স্পষ্ট কৰিলে ঋদ্ধিমাই
ঋদ্ধিমাৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা স্পষ্ট কৰি দিয়া হয় যে ৰণবীৰ আৰু নীতু কাপুৰ ভালেই আছে।

ঋদ্ধিমাৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা স্পষ্ট কৰি দিয়া হয় যে ৰণবীৰ আৰু নীতু কাপুৰ ভালেই আছে।

  • Share this:
এটাৰ পিছত আনটো উদ্বেগজনক খবৰ! আৰম্ভ হৈছিল অমিতাভ বচ্চনৰ পৰা। কিছু সময় পিছতে জানিব পৰা গ’ল অভিষেক বচ্চনো কোৰোণাত আক্ৰান্ত। এই খবৰ স্ফুলিংগৰ দৰে বিয়পি পৰিল। তেনে সময়তে গুজব ওলাল যে ৰণবীৰ কাপুৰ, নীতু কাপুৰ আৰু কৰণ জোহৰো আক্ৰান্ত হৈছে কোৰোণাত। সঁচানে মিছা এই খবৰ? কিছু সময় পিছতে স্পষ্ট কৰিলে ঋদ্ধিমা কাপুৰে।

ঋদ্ধিমাৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা স্পষ্ট কৰি দিয়া হয় যে ৰণবীৰ আৰু নীতু কাপুৰ ভালেই আছে। কোনো কোৰোণাত আক্ৰান্ত নহয়। এই ভুৱা খবৰ নস্যাৎ কৰি ঋদ্ধিমাই লিখিছে, ‘‘দৃষ্টি আকৰ্ষণৰ বাবে এই টুইট! অনুগ্ৰহ কৰি নিশ্চিত হওক। ভালকৈ তথ্য জানি টুইট কৰক। আমি সকলোৱে ভালে আছো।’’










View this post on Instagram





Attention seeking ??? Least verify/ clarify ! We are fit We are good ! Stop spreading rumours ! #lunatics


A post shared by Riddhima Kapoor Sahni (RKS) (@riddhimakapoorsahniofficial) on





সেই টুইটত দাবী কৰা হৈছিল যে অমিতাভ বচ্চনৰ নাতি অগস্ত্যনন্দ নীতু কাপুৰৰ জন্মদিনৰ পাৰ্টীলৈ গৈছিল, তাৰ পৰাই এই বিপত্তি। এই সকলো তথ্য মিছা বুলি জনাইছে ঋদ্ধিমাই।

উল্লেখযোগ্য যে শনিবাৰে অমিতাভ বচ্চন আৰু অভিষেক বচ্চন কোৰোণা পজিটিভ হোৱাৰ পিছতে বিয়পি পৰিছিল এই খবৰ। কিন্তু ভুৱা খবৰৰ স্পষ্টীকৰণ দিলে ঋদ্ধিমাই।
Published by: Sanjay Kumar Das
First published: July 12, 2020, 9:02 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading