• Home
  • »
  • News
  • »
  • nation
  • »
  • ৰিক্সাচালকৰ কৰ ফাঁকি, ৩ কোটিৰো অধিক আয়কৰ পৰিশোধ নকৰাত আয়কৰ বিভাগৰ জাননী

ৰিক্সাচালকৰ কৰ ফাঁকি, ৩ কোটিৰো অধিক আয়কৰ পৰিশোধ নকৰাত আয়কৰ বিভাগৰ জাননী

আয়কৰৰ জাননী লাভ কৰি পেছাত ৰিক্সাচালক প্ৰতাপ সিঙৰ হাত–ভৰিত কঁপনি উঠে।

আয়কৰৰ জাননী লাভ কৰি পেছাত ৰিক্সাচালক প্ৰতাপ সিঙৰ হাত–ভৰিত কঁপনি উঠে।

আয়কৰৰ জাননী লাভ কৰি পেছাত ৰিক্সাচালক প্ৰতাপ সিঙৰ হাত–ভৰিত কঁপনি উঠে।

  • Share this:

ৰিক্সাচালকৰ আয়কৰ ফাঁকি! প্ৰতাপ সিং নামৰ এগৰাকী ৰিক্সাচালকে অলপতে আয়কৰ বিভাগৰ পৰা এখন জাননী লাভ কৰে। জাননীত তেওঁক আয়কৰ ৰূপে ৩ কোটি টকাতকৈ অধিক পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হয়।


আয়কৰৰ জাননী লাভ কৰি পেছাত ৰিক্সাচালক প্ৰতাপ সিঙৰ হাত–ভৰিত কঁপনি উঠে। দেওবাৰে স্থানীয় আৰক্ষীৰ ওচৰত কোনো উপায় নোপোৱাত এই বিষয়ে অভিযোগ কৰে তেওঁ।


এই ঘটনা ভাৰতৰ উত্তৰ প্ৰদেশত সংঘটিত হৈছে। সংবাদ মাধ্যম দ্য কুইণ্টত প্ৰকাশ পোৱা মতে, প্ৰতাপ সিং উত্তৰ প্ৰদেশৰ মথুৰাৰ বাকালপুৰ অঞ্চলৰ অমৰ কলনিৰ বাসিন্দা। আয়কৰ বিভাগৰ পৰা জাননী পোৱাৰ পিছত তেওঁ প্ৰৱঞ্চনাৰ অভিযোগ দাখিল কৰে। ইয়াকে লৈ প্ৰতাপ সিঙে ঘটনাটো বৰ্ণনা কৰি ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ক্লিপো পোষ্ট কৰিছে।


প্ৰতাপ সিঙে কয় যে তেওঁ ১৫ মাৰ্চত বাকালপুৰৰ জন সুবিধা কেন্দ্ৰত পেন কাৰ্ডৰ বাবে আবেদন কৰিছিল। তাৰ পিছত তেওঁ সঞ্জয় সিং নামৰ এজন ব্যক্তিৰ পৰা পেন কাৰ্ডৰ এটা ৰঙীন ফটোকপি লাভ কৰিছিল। ভিডিঅ'টোত প্ৰতাপ সিঙে কৈছিল তেওঁ প্ৰকৃত পেন কাৰ্ড আৰু ৰঙীন ফটোকপিৰ মাজত পাৰ্থক্য কৰিব নোৱাৰিলে কিয়নো তেওঁ নিৰক্ষৰ।


প্ৰতাপ সিঙে কয় যে তেওঁ ১৯ অক্টোবৰত আয়কৰ বিভাগৰ বিষয়াসকলৰ পৰা এটা ফোন পাইছিল। তেওঁক আয়কৰ হিচাপে ৩ কোটি ৫৪ হাজাৰ ৮৯৬ হাজাৰ টকা পৰিশোধ কৰিবলৈ কোৱা হৈছিল। এতিয়া আয়কৰ বিভাগৰ কৰ্মচাৰীয়ে কৈছে যে কোনোবাই তেওঁৰ নাম তথা পেন নম্বৰ ব্যৱহাৰ কৰি এই অপকৰ্ম কৰিছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Published by:Gautam Barman
First published: