সকলো চেষ্টা ব্যৰ্থ, নাপালে জামিন! ২২ ছেপ্তেম্বৰ পৰ্যন্ত কাৰাগাৰতে থাকিব লাগিব ৰিয়া চক্ৰবৰ্তী

News18 Assam | News18-Assam
Updated:September 11, 2020, 1:56 PM IST
সকলো চেষ্টা ব্যৰ্থ, নাপালে জামিন! ২২ ছেপ্তেম্বৰ পৰ্যন্ত কাৰাগাৰতে থাকিব লাগিব ৰিয়া চক্ৰবৰ্তী
বহু যুঁজিও শেষত নাপালে জামিন।

বহু যুঁজিও শেষত নাপালে জামিন।

  • News18 Assam
  • Last Updated: September 11, 2020, 1:56 PM IST
  • Share this:
প্ৰায় তিনি দিন ধৰি কৰা জেৰাৰ অন্তত মঙলবাৰে নিষিদ্ধ ড্ৰাগছ ক্ৰয় আৰু সৰবৰাহত জড়িত থকাৰ অভিযোগত নাৰ্কটিক্স কণ্ট্ৰ’ল ব্যুৰয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী ৰিয়া চক্ৰবৰ্তীক। সেইদিনাই ৰিয়াৰ এখন জামিন আবেদন খাৰিজ কৰা হয় আৰু নাৰ্কটিক্স কণ্ট্ৰ’ল ব্যুৰোৰ অফিচতে নিশা কটাইছিল ৰিয়া চক্ৰবৰ্তীয়ে।বুধবাৰে অভিনেত্ৰীগৰাকীক মুম্বাইৰ বাইকুল্লাৰ জে’ললৈ প্ৰেৰণ কৰা হয়। ১৪ দিনৰ বাবে আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰিলে ৰিয়াক।

বৃহস্পতিবাৰে বিশেষ আদালতত ৰিয়াক পুনৰ নিৰ্দোষী দাবী কৰি জামিন আবেদন কৰিছিল অধিবক্তা সতীশ মানচিণ্ডে। আবেদনত উল্লেখ কৰা হৈছিল যে, ‘ৰিয়াই কোনো দোষ কৰা নাই। বিনা দোষত তেওঁক ষড়যন্ত্ৰমূলক ভাবে গোচৰত অভিযুক্ত কৰিছে। ৰিয়াৰ লগতে জামিন আবেদন কৰা হয়, ভাতৃ শৌভিক চক্ৰবৰ্তী সহ পাঁচ জনৰ। কিন্তু জামিনৰ ৰায়দান শেষত স্থগিত ৰাখে আদালতে। শুকুৰবাৰে পুৱা পুনৰ বিচাৰকে ৰিয়া আৰু অন্যান্য পাঁচ জনৰ জামিন সংক্ৰান্তত ৰায়দান কৰে।

ৰায়দানত কোৱা হয় যে, গ্ৰেপ্তাৰ হোৱা ছজন অৰ্থাত্‍ ৰিয়া শৌভিক, দীপেশ, চেমুৱেল মিৰিণ্ডা, আবদেল আৰু জায়েদৰ জামিন আবেদন খাৰিজ কৰিছে আদালতে। অহা ২২ ছেপ্তেম্বৰ পৰ্যন্ত বাইকুল্লা জে’লতেই কটাব লাগিব ৰিয়াই।
Published by: Himangshu Bhuyan
First published: September 11, 2020, 1:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading