মুখ্যপৃষ্ঠা »খবৰ »দেশ »দাইল–ৰুটি খাই, মাটিত পাটি পাৰি শুই জে’লত প্ৰথমটো নিশা কটালে ৰিয়াই!

দাইল–ৰুটি খাই, মাটিত পাটি পাৰি শুই জে’লত প্ৰথমটো নিশা কটালে ৰিয়াই!

ৰিয়াক ১নং চেলত ৰখা হৈছে। যাৰ তিনিপালে দেৱাল আৰু এফালে আছে গ্ৰীল।

ৰিয়াক ১নং চেলত ৰখা হৈছে। যাৰ তিনিপালে দেৱাল আৰু এফালে আছে গ্ৰীল।

ৰিয়াক ১নং চেলত ৰখা হৈছে। যাৰ তিনিপালে দেৱাল আৰু এফালে আছে গ্ৰীল।

  • Share this:
এনচিবি হেড কোৱাৰ্টাৰৰ পৰা বাইকুলা জে’লত বুধবাৰে অনা হয় ৰিয়া চক্ৰৱৰ্তীক। জামিন নাপালে ১৪ দিন ইয়াতে থাকিব লাগিব ৰিয়া। মঙলবাৰে নিশা ৰিয়াৰ জামিন আবেদন খাৰিজ কৰে আদালতে। আজি পুনৰ হ’ব জামিন আবেদনৰ শুনানি।

বুধবাৰেই ৰিয়াক স্থানান্তৰ কৰা হয় মহিলা চেললৈ। ইয়াৰ আগদিনা নিশা ৰিয়া আছিল এনচিবি হেড কোৱাৰ্টাৰত। তাতো ৰিয়াই নিশাটো পাইচাৰি কৰি কটাইছিল। বুধবাৰে বাইকুলা কাৰাগাৰত।

ৰিয়াক ১নং চেলত ৰখা হৈছে। যাৰ তিনিপালে দেৱাল আৰু এফালে আছে গ্ৰীল। ইয়াতেই দুপৰীয়া আৰু নিশা দাইল–তৰকাৰী আৰু ৰুটি খায়। কয়দীসকলক শুবলৈ পাটি আৰু চাদৰ দিয়া হয়। সেই পাটি মাটিত পাৰি শুই জে’লত প্ৰথমটো নিশা কটালে ৰিয়াই।

মঙলবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল বলীউদ অভিনেত্ৰী তথা সুশান্ত সিং ৰাজপুতৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীক। গ্ৰেপ্তাৰৰ পিছত কৰা হয় মেডিকেল টেষ্ট। কোৰোণা টেষ্টৰ ফলাফল নিগেটিভ আহিছে ৰিয়াৰ। খবৰ অনুসৰি, ৰিয়াৰ বিৰুদ্ধে বহু তথ্য–প্ৰমাণ লাভ কৰিছে এনচিবিয়ে।

শেহতীয়া বাতৰি