• Home
  • »
  • News
  • »
  • nation
  • »
  • ছেক্স টয় ক্ৰয় কৰি সৰ্বস্বান্ত হ'ল অৱসৰপ্ৰাপ্ত শিক্ষক! পানীত পৰিল ৩৭ লাখ টকা

ছেক্স টয় ক্ৰয় কৰি সৰ্বস্বান্ত হ'ল অৱসৰপ্ৰাপ্ত শিক্ষক! পানীত পৰিল ৩৭ লাখ টকা

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি জানিব পাৰে যে, কেইমাহমান পূৰ্বে শিলিগুৰিৰ হংকং মাৰ্কেটলৈ গৈ এটা ছেক্স টয় ক্ৰয় কৰিছিল অৱসৰপ্ৰাপ্ত শিক্ষকজনে।

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি জানিব পাৰে যে, কেইমাহমান পূৰ্বে শিলিগুৰিৰ হংকং মাৰ্কেটলৈ গৈ এটা ছেক্স টয় ক্ৰয় কৰিছিল অৱসৰপ্ৰাপ্ত শিক্ষকজনে।

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি জানিব পাৰে যে, কেইমাহমান পূৰ্বে শিলিগুৰিৰ হংকং মাৰ্কেটলৈ গৈ এটা ছেক্স টয় ক্ৰয় কৰিছিল অৱসৰপ্ৰাপ্ত শিক্ষকজনে।

  • Share this:
ছেক্স টয় ক্ৰয় কৰিবলৈ গৈ প্ৰতাৰণাৰ সন্মুখীন এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক। প্ৰতাৰকৰ জালত পৰি মুখলজ্জাৰ ভয়ত নিজৰ পৰিচয় গোপন কৰিবলৈ গৈ ৩৭ লাখ টকা পানীত পেলালে শিক্ষকজনে। শেষ পৰ্যন্ত আৰক্ষীৰ দ্বাৰস্থ হয় শিক্ষকজন। ঘটনাৰ সন্দৰ্ভত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনাটো সংঘটিত হৈছে পশ্চিম বংগত।

আৰক্ষীৰ সূত্ৰ অনুসৰি, অৱসৰপ্ৰাপ্ত বিদ্যালয়ৰ শিক্ষকজন জলপাইগুৰিৰ ৰাজগঞ্জ আৰক্ষী থানা অঞ্চলৰ বাসিন্দা৷ তেওঁ অলপতে চাকৰিৰ পৰা অৱসৰ লৈছিল৷ আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পাইছিল যে, অৱসৰপ্ৰাপ্ত বিদ্যালয়ৰ শিক্ষকজনে কেইমাহমান আগতে শিলিগুৰিৰ হংকং বজাৰলৈ গৈ এটা ছেক্স টয় কিনিছিল৷ তেতিয়া বিক্ৰেতাসকলে তেওঁক কৈছিল যে ছেক্স টয়টো ঘৰলৈ প্ৰেৰণ কৰা হৈছে৷

তাৰ পিছত শিক্ষকজনে ঘৰৰ পৰাও আন এটা ছেক্স টয় অৰ্ডাৰ কৰে। হোম ডেলিভাৰী দিয়াৰ নামত প্ৰথমে স্কুল শিক্ষকজনৰ পৰা ১ লাখ টকা লোৱা হয়। তাৰ কিছুদিন পিছতে স্কুল শিক্ষকজনক জনোৱা হয় যে, ছেক্স টয় লৈ অহাৰ সময়ত আমবাড়ি নামৰ ঠাইত আৰক্ষীয়ে ডেলিভাৰী বয়জনক আটক কৰিছে। আৰক্ষীয়ে শিক্ষকজনৰ নাম আৰু পৰিচয়ো জানিব পাৰিছে।

অৱসৰপ্ৰাপ্ত শিক্ষকজনক তেওঁৰ পৰিচয় পোহৰলৈ আহিব বুলি ভাবুকিও দিয়া হৈছিল৷ প্ৰৱঞ্চকসকলে এই সুযোগ ব্যৱহাৰ কৰিছিল৷ প্ৰৱঞ্চকসকলে নিজৰ পৰিচয় গোপন ৰাখিবলৈ আৰক্ষীৰ মুখ বন্ধ ৰখাৰ নামত শিক্ষকজনৰ পৰা বৃহৎ পৰিমাণৰ ধন লৈছিল৷ প্ৰৱঞ্চকসকলে তেওঁৰ পৰিচয় প্ৰকাশ কৰাৰ ভাবুকি দিয়াৰ পিছত শিক্ষকজনৰ পৰা মুঠ ৩৭ লাখ টকা সংগ্ৰহ কৰিছে৷

শেষ পৰ্যন্ত লোকজন কাৰ্যত সৰ্বস্বান্ত হৈ আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হয়।
Published by:Himangshu Bhuyan
First published: