• Home
  • »
  • News
  • »
  • nation
  • »
  • Delhi Unlock: দিল্লীত সোমবাৰৰ পৰা বাৰ, ৰাজহুৱা পাৰ্ক খোলাৰ অনুমতি, কি কি থাকিব বন্ধ?

Delhi Unlock: দিল্লীত সোমবাৰৰ পৰা বাৰ, ৰাজহুৱা পাৰ্ক খোলাৰ অনুমতি, কি কি থাকিব বন্ধ?

দিল্লীত পাব্লিক পেলেচ, বেংকুৱেট হল, মেৰিয়েজ গাৰ্ডেনত বিয়া পতাৰ অনুমতি এতিয়াও দিয়া হোৱা নাই।

দিল্লীত পাব্লিক পেলেচ, বেংকুৱেট হল, মেৰিয়েজ গাৰ্ডেনত বিয়া পতাৰ অনুমতি এতিয়াও দিয়া হোৱা নাই।

দিল্লীত পাব্লিক পেলেচ, বেংকুৱেট হল, মেৰিয়েজ গাৰ্ডেনত বিয়া পতাৰ অনুমতি এতিয়াও দিয়া হোৱা নাই।

  • Share this:
ৰাজধানী দিল্লীত কোৰোণাৰ দ্বিতীয় ঢৌৰ প্ৰকোপ ক্ৰমাৎ হ্ৰাস পোৱাত আনলকৰ দিশে আগবাঢ়িছে। ইয়াৰ মাজতে দিল্লী ডিজেষ্টাৰ মেনেজমেণ্ট অথৰিটী (DDMA)য়ে সোমবাৰৰ পৰা ৰাজহুৱা পাৰ্ক, উদ্যান, গ’ল্ফ ক্লাব, বাৰ আদি খোলাৰ অনুমতি প্ৰদান কৰিছে। ইয়াৰ উপৰি ডিডিএমএই আজি এক নিৰ্দেশত কয় যে এই স্থানসমূহৰ কোভিড গাইডলাইনৰ পালন কৰাৰ দায়িত্ব উপায়ুক্তৰ হ’ব।

ইমানেই নহয়, বৰ্তমান দিল্লীত এটা জ’নত এদিন এখনেই সাপ্তাহিক বজাৰ খুলিব পাৰিব। আৱাসিক এলেকাসমূহত সকলো দোকান পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ খুলিব পাৰিব। ইয়াৰ উপৰি সকলো বজাৰ আৰু মলতো দোকান খোলাৰ সময় পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ ধাৰ্য কৰা হৈছে। আনহাতে, ৰেষ্টুৰেণ্টসমূহ ৫০ শতাংশ গ্ৰাহক বহাৰ ক্ষমতাৰে পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ খোলাৰ অনুমতি দিয়া হৈছে। ইয়াৰ উপৰি ৫০ শতাংশ গ্ৰাহকৰ সৈতে খুলিব পাৰিব বাৰসমূহ। বাৰ খোলাৰ সময় দুপৰীয়া ১২ বজাৰ পৰা নিশা ১০ বজালৈ। আনহাতে, মেট্ৰ’ল ৰে’ল সেৱা ৫০ শতাংশ যাত্ৰীৰে চলিব। লগতে বাছ, অটো, ৰিক্সা, টেক্সি, কেব আদি সামাজিক দূৰত্বৰ সৈতে কম যাত্ৰীৰ সৈতে চলাচল কৰিব পাৰিব।

দিল্লীত পাব্লিক পেলেচ, বেংকুৱেট হল, মেৰিয়েজ গাৰ্ডেনত বিয়া পতাৰ অনুমতি এতিয়াও দিয়া হোৱা নাই। অৱশ্যে ক’ৰ্ট মেৰেজ বা ঘৰত বিয়া পাতিব পাৰিব। এই উপলক্ষে কেৱল ২০জন অতিথি উপস্থিত থাকিব পাৰিব।

কি কি বন্ধ থাকিব?


>> সকলো স্কুল, কলেজ আৰু শিক্ষা প্ৰতিষ্ঠান বন্ধ থাকিব।

>> কোনো ধৰণৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু ধৰ্নীয় অনুষ্ঠানৰ অনমতি নাই।

>> ছুইমিং পুল, ষ্টেডিয়াম, স্প’ৰ্টছ কংপ্লেক্স, অডিটৰিয়াম সম্পূৰ্ণৰূপে বন্ধ।

>> স্পা আৰু জিম সম্পূৰ্ণ বন্ধ।

>> চিনেমা হল, থিয়েটাৰ আৰু মনোৰঞ্জন পাৰ্ক খোলাৰো অনুমতি দিয়া হোৱা নাই।

>> ২৮ জুনৰ পুৱা ৫ বজালৈ বন্ধ থাকিব এই সকলো।

Published by:Sanjay Kumar Das
First published: