• Home
  • »
  • News
  • »
  • nation
  • »
  • Modi in Japan: ভাৰতৰ স্বাধীনতাৰ এই অমৃত কালত ভাৰতৰ সমৃদ্ধিৰ এক সুউচ্চ ইতিহাস ৰচনা কৰিব

Modi in Japan: ভাৰতৰ স্বাধীনতাৰ এই অমৃত কালত ভাৰতৰ সমৃদ্ধিৰ এক সুউচ্চ ইতিহাস ৰচনা কৰিব

Modi in Japan: প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভগৱান বুদ্ধই দেখুওৱা পথ অনুসৰণ কৰিবলৈ আজিৰ পৃথিৱীখনক বহুখিনি প্ৰয়োজন।

Modi in Japan: প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভগৱান বুদ্ধই দেখুওৱা পথ অনুসৰণ কৰিবলৈ আজিৰ পৃথিৱীখনক বহুখিনি প্ৰয়োজন।

Modi in Japan: প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভগৱান বুদ্ধই দেখুওৱা পথ অনুসৰণ কৰিবলৈ আজিৰ পৃথিৱীখনক বহুখিনি প্ৰয়োজন।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে কৈছে যে স্বাধীনতাৰ এই অমৃত কালত ভাৰতৰ সমৃদ্ধিৰ, ভাৰতৰ সম্পন্নতাৰ এক সুউচ্চ ইতিহাস ৰচনা কৰিবলৈ গৈ আছে। মই যিবোৰ মূল্যবোধ পাইছো, মোক যিসকল লোকে গঢ়িছে, মোৰ বাবে এক অভ্যাসত পৰিণত হৈছে। মই মাখনৰ ওপৰত  আঁক দিবলৈ ভাল নাপাওঁ, শিলত ৰেখা আঁকিবলৈহে বিচাৰোঁ। জাপান (Japan)ত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কয়। জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে টকিঅ’ (Tokyo)ত উপস্থিত হৈ কোৱাড নেতাসকলৰ সন্মিলনত অংশগ্ৰহণ কৰে।

অঞ্চলটোত চীন (China)ৰ আক্রমণাত্মক পদক্ষেপৰ মাজতে প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰত আৰু জাপানে নিৰাপদ সমুদ্ৰ এলেকা, অনুকূল বাণিজ্য আৰু বিনিয়োগৰ সৈতে এক মুক্ত আৰু সমগ্র ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাত অৰিহণা যোগাব- য’ত সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সন্মান কৰা হয়। যিয়ে আন্তঃৰাষ্ট্ৰীয় আইন মানি চলে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভগৱান বুদ্ধই দেখুওৱা পথ অনুসৰণ কৰিবলৈ আজিৰ পৃথিৱীখনক বহুখিনি প্ৰয়োজন। তেওঁ কয়, ‘হিংসাই হওক, অৰাজকতাই হওক, সন্ত্ৰাসবাদেই হওক, জলবায়ু পৰিৱৰ্তনেই হওক, আজিৰ পৃথিৱীখনে সন্মুখীন হোৱা সকলো প্ৰত্যাহ্বানৰ পৰা মানৱ জাতিক ৰক্ষা কৰাৰ উপায় এইটোৱেই। ভাৰতৰ সৌভাগ্য যে ই ভগৱান বুদ্ধৰ প্ৰত্যক্ষ আশীৰ্বাদ পাইছে। তেওঁৰ ধাৰণাক আত্মসাৎ কৰি ভাৰতে নিৰন্তৰ মানৱতাৰ সেৱা কৰি আছে।'
Published by:Manjumoni Borah
First published: