মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»ৰাছিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা, ১৬জন লোকৰ মৃত্যু, ৭জনক জীৱন্তে উদ্ধাৰ

ৰাছিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা, ১৬জন লোকৰ মৃত্যু, ৭জনক জীৱন্তে উদ্ধাৰ

News18 Assam | News18-Assam
Updated:October 10, 2021, 3:51 PM IST
ৰাছিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা, ১৬জন লোকৰ মৃত্যু, ৭জনক জীৱন্তে উদ্ধাৰ
দুৰ্ঘটনাত পতিত বিমানখন দুটা ইঞ্জিনযুক্ত শ্বৰ্ট ৰেঞ্জ ট্ৰান্সপ’ৰ্ট এয়াৰক্ৰাফ্ট আছিল।

দুৰ্ঘটনাত পতিত বিমানখন দুটা ইঞ্জিনযুক্ত শ্বৰ্ট ৰেঞ্জ ট্ৰান্সপ’ৰ্ট এয়াৰক্ৰাফ্ট আছিল।

  • Share this:


ৰাছিয়াৰ তাতাৰস্তান অঞ্চলত ২৩ লোকসহ যাত্ৰা কৰা এখন বিমান দুৰ্ঘটনাত পতিত হয়। এই বিমান দুৰ্ঘটনাত ১৬জন লোকৰ মৃত্যু হয়। আনহাতে, ৭জন লোকক জীৱন্তে উদ্ধাৰ কৰা হয়। জৰুৰীকালীন মন্ত্ৰণালয়ে কয় যে ৰাছিয়ান বিমান L-410 Turbolet–এ তাতাৰস্তান গণৰাজ্যৰ ওপৰেৰে গৈ থকাৰ সময়তে দুৰ্ঘটনাগ্ৰস্তহয়। দুৰ্ঘটনাত পতিত বিমানখন দুটা ইঞ্জিনযুক্ত শ্বৰ্ট ৰেঞ্জ ট্ৰান্সপ’ৰ্ট এয়াৰক্ৰাফ্ট আছিল। ইয়াত পেৰাছ্যুটৰে জঁপিওৱা এটা দলো আছিল। ৭জন লোকক ধ্বংসস্তুপৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ কৰা হৈছে।

Published by: Sanjay Kumar Das
First published: October 10, 2021, 3:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি