உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • কাণত লগাই দিলে জুই, যন্ত্ৰণাত চটফটাই মৃত্যুক আঁকোৱালি ল'লে এটা হাতীয়ে, ভিডিঅ' ভাইৰেল

    কাণত লগাই দিলে জুই, যন্ত্ৰণাত চটফটাই মৃত্যুক আঁকোৱালি ল'লে এটা হাতীয়ে, ভিডিঅ' ভাইৰেল

    ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে দুজনক গ্ৰেপ্তাৰ কৰা হৈছে।

    ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে দুজনক গ্ৰেপ্তাৰ কৰা হৈছে।

    ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে দুজনক গ্ৰেপ্তাৰ কৰা হৈছে।

    • Share this:
    নৃশংসতা, অমানৱীয়তা! সম্প্ৰতি এক নাৰকীয় কাণ্ড সংঘটিত হৈছে। এটা হাতীৰ শৰীৰৰ জুই লগাই দিলে নীলগিৰিৰ এখন ৰিজৰ্টৰ কৰ্মচাৰীয়ে। এই ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে দুজনক গ্ৰেপ্তাৰ কৰা হৈছে।

    তামিলনাডুত সংঘটিত হৈছে এই বৰ্বৰ ঘটনা। হাতীটোৰ কাণত জুই লগাই দিয়াৰ পিছতে কাণৰ পৰা তেজ ওলোৱা আৰম্ভ হয়। পিছত বন বিভাগৰ কৰ্মচাৰীয়ে উদ্ধাৰ কৰে হাতীটোক। যোৱা ১৮ জানুৱাৰীত হাতীটোৰ শাৰীৰিক অৱস্থা ইমানেই বেয়া আছিল যে, অজ্ঞান কৰি মুদুমালাৰ ফৰেষ্ট ৰেঞ্জলৈ চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল। কিন্তু চিকিৎসাৰ স্থানলৈ নি থকাৰ অৱস্থাতে মৃত্যু হয় হাতীটোৰ। পোষ্ট মৰ্টেম ৰিপৰ্ট অনুসৰি কাণৰ ভিতৰ অংশ অগ্নিদগ্ধ হোৱাৰ ফলতে মৃত্যু হয় হাতীটো।



    এই ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তাৰে ভিতৰত এজন হল ৰিজৰ্টৰ মালিক। ইতিমধ্যে চচিয়েল মিডিয়াত ভাইৰেল হৈছে এই মৰ্মান্তিক ভিডিঅ'।
    Published by:Himangshu Bhuyan
    First published: