ডাঙৰ খবৰ! মাৰ্চ মাহৰ পৰা বন্ধ হ'ব পুৰণি ৫, ১০ আৰু ১০০ টকীয়া নোট ! চলিবনে ১০ টকীয়া মুদ্ৰা?

আকৌ সাজু হওক!
মেংগালুৰুৰ জিলা চিকিউৰিটী কমিটী আৰু জিলা কাৰেন্সী মেনেজমেণ্ট কমিটীৰ উদ্যোগত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি মহেশে কয় যে, বৰ্তমান প্ৰচলিত পুৰণি ৫,১০,১০০ টকাৰ নোটৰ প্ৰচলন বন্ধ কৰিবলৈ সাজু হৈছে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া। সকলো ঠিকে থাকিলে অহা মাৰ্চ-এপ্ৰিলৰ পৰা বন্ধ হৈ পৰিব পাৰে পুৰণি নোট সমূহৰ প্ৰচলন। আৰু ইয়াৰ বাবে নতুন নোটৰ ব্যৱস্থা কৰিছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা।
আনহাতে বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানে ১০ টকীয়া মুদ্ৰা ল'বলৈ অমান্তি হোৱা বা সন্দেহৰ চকুৰে চোৱাৰ ফলত ব্যাপক ভাবে আৰ বি আই ক্ষতিৰ সন্মুখীন হৈছে বুলি জনাই বি মহেশে।