• Home
  • »
  • News
  • »
  • nation
  • »
  • Rescue Operation| ভাৰতীয় নৌ–সেনাৰ দ্ৰুত সমন্বিত অভিযান, মাজ সাগৰৰ পৰা উদ্ধাৰ কোভিড আক্ৰান্তক

Rescue Operation| ভাৰতীয় নৌ–সেনাৰ দ্ৰুত সমন্বিত অভিযান, মাজ সাগৰৰ পৰা উদ্ধাৰ কোভিড আক্ৰান্তক

ভাৰতৰ নৌসেনা আৰু উপকূলৰক্ষী বাহিনীৰ যৌথ অভিযানত উদ্ধাৰ ফিলিপিনোৰ জাহাজৰ বিষয়াক

ভাৰতৰ নৌসেনা আৰু উপকূলৰক্ষী বাহিনীৰ যৌথ অভিযানত উদ্ধাৰ ফিলিপিনোৰ জাহাজৰ বিষয়াক

ভাৰতৰ নৌসেনা আৰু উপকূলৰক্ষী বাহিনীৰ যৌথ অভিযানত উদ্ধাৰ ফিলিপিনোৰ জাহাজৰ বিষয়াক

  • Share this:
এক দ্ৰুত সমন্বিত অভিযান। কোচিৰ মাৰ্চেণ্ট ভেচেল এমভি লিৰিক পোয়েটৰ অৱৰ পৰা এডভান্সড লাইট হেলিকপ্টাৰ  ব্যৱহাৰ কৰি মংগলবাৰে এক চিকিৎসা সেৱাজনিত উদ্ধাৰ কাৰ্য সম্পন্ন কৰা হয় ৷ নৌসেনাৰ চাউদাৰ্ণ নেভেল কমাণ্ডৰ দ্বাৰা মাজ সাগৰত চিকিৎসাজনিত এই অভিযান চলোৱা হয় ৷



২৮ ছেপ্টেম্বৰৰ আবেলি প্ৰায় ৪ বজাত, এছ.এন.চিয়ে উপকূলৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ পৰা ফিলিপিনো পুৰুষ কৰ্মচাৰী এজন সন্দেহজনক কোভিড১৯ত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰিছিল। মাৰ্চেণ্ট ভেচেলৰ স্থানীয় এজেণ্টে অৱগত কৰিছিল যে মুখ্য বিষয়া মিশেল জন আবায়াগাৰৰ অক্সিজেনৰ স্তৰ হ্ৰাস হোৱাৰ লগতে গুৰুতৰভাৱে অৱনতি স্বাস্থ্যৰ ঘটিছে আৰু তাৎক্ষণিক চিকিৎসা স্থানান্তৰৰ প্ৰয়োজন । 

গিব্ৰাল্টৰৰ পৰা মাচোংলৈ যোৱা এমভিৰ পৰা চিকিৎসা নিষ্কাশন  কৰিবলৈ আইএনএছ গৰুড়ৰ পৰা তৎক্ষণিকভাৱে এক এডভান্স লাইট হেলিকপ্টাৰেৰে অভিযান আৰম্ভ কৰা হৈছিল। প্ৰচণ্ড দক্ষতা আৰু পেছাদাৰীতা প্ৰদৰ্শন কৰা হেলিকপ্টাৰৰ পাইলটসকলে প্ৰতিকূল বতৰৰ পৰিস্থিতিত সফলতাৰে অভিযানটো সম্পূৰ্ণ কৰিছিল আৰু ৰোগীক সুৰক্ষিতভাৱে স্থানান্তৰ কৰাটো নিশ্চিত কৰিছিল ।



ৰোগীজনক আই.এন.এছ. গৰুড়লৈ অনা হৈছিল আৰু কোভিড১৯ৰ সকলো প্ৰটোকল পালন কৰি অধিক চিকিৎসা সহায়ৰ বাবে আই.এন.এইচ.এছ. সঞ্জীভিনিৰ নৌ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় ।
First published: