ব্যৰ্থ হ’ল ১১০ ঘণ্টাজোৰা উদ্ধাৰ অভিযান, মৃত অৱস্থাত উদ্ধাৰ দুবছৰীয়া কণমানি

খেলি থকাৰ সময়তে কাপোৰেৰে ঢাকি ৰখা বৰ’ৱেলত সোমাই পৰিছিল শিশুটি।

news18assam
Updated:June 11, 2019, 9:38 AM IST
ব্যৰ্থ হ’ল ১১০ ঘণ্টাজোৰা উদ্ধাৰ অভিযান, মৃত অৱস্থাত উদ্ধাৰ দুবছৰীয়া কণমানি
খেলি থকাৰ সময়তে কাপোৰেৰে ঢাকি ৰখা বৰ’ৱেলত সোমাই পৰিছিল শিশুটি।
news18assam
Updated: June 11, 2019, 9:38 AM IST
পঞ্জাবৰ ছাংৰুৰত পাঁচ দিন পূৰ্বে ১৫০ ফুট গভীৰ এটা বৰ’ৱেলত সোমাই পৰিছিল এটি দুবছৰীয়া শিশু। তাৰ পিছৰে পৰা প্ৰশাসন আৰু গাঁওবাসীয়ে অব্যাহত ৰাখিছিল শিশুটিৰ উদ্ধাৰ অভিযানত। শিশুটিক উদ্ধাৰ বাবে ৫ দিন ধৰি চলিল নেৰানেপেৰা প্ৰচেষ্টা। কিন্তু অৱশেষত সকলো চেষ্টা ব্যৰ্থ হ’ল। শিশুটিক বৰে’ৱেলৰ পৰা উদ্ধাৰ কৰা হ’ল যদিও জীৱিত অৱস্থাত উদ্ধাৰ কৰিব নোৱাৰিলে উদ্ধাৰকাৰী দলে। মৃত কণমানিটিৰ নাম ফটহবীৰ।

উল্লেখযোগ্য যে খেলি থকাৰ সময়তে কাপোৰেৰে ঢাকি ৰখা বৰ’ৱেলত সোমাই পৰিছিল শিশুটি। কণমানিটিৰ বৰ’ৱেলত সোমাই যোৱা দেখিছিল মাতৃয়ে। কিন্তু মাতৃ ওচৰ পোৱালৈ শিশুটি বহু গভীৰলৈ সোমাই গৈছিল। প্ৰথম অৱস্থাত গাঁওবাসীয়ে শিশুটিক উদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল যদিও পিছত খবৰ দিয়া হয় প্ৰশাসনক। তাৰ পিছৰে পৰা চলিছিল উদ্ধাৰ অভিযান।
আৰু চাওক পৰৱৰ্তী বাতৰি