• Home
  • »
  • News
  • »
  • nation
  • »
  • Viral Video: প্লাষ্টিকৰ কণ্টেইনাৰত মূৰ সুমুৱাই দুৰৱস্থাৰ সন্মুখীন বনৰজা, ৪৮ ঘণ্টা ধৰি চলি থাকিল দৌৰা-দৌৰি, চাওক ভিডিঅ'

Viral Video: প্লাষ্টিকৰ কণ্টেইনাৰত মূৰ সুমুৱাই দুৰৱস্থাৰ সন্মুখীন বনৰজা, ৪৮ ঘণ্টা ধৰি চলি থাকিল দৌৰা-দৌৰি, চাওক ভিডিঅ'

 খাদ্য আৰু পানী অবিহনে দুদিন অতি দুৰ্বল হৈ পৰে বাঘৰ পোৱালিটো

খাদ্য আৰু পানী অবিহনে দুদিন অতি দুৰ্বল হৈ পৰে বাঘৰ পোৱালিটো

খাদ্য আৰু পানী অবিহনে দুদিন অতি দুৰ্বল হৈ পৰে বাঘৰ পোৱালিটো

  • Share this:
মহাৰাষ্ট্ৰৰ থানে জিলাত প্লাষ্টিকৰ কণ্টেইনাৰত মূৰ সুমুৱাই দুৰৱস্থাৰ সন্মুখীন হ'ল এটা বাঘ। মূৰত লাগি ধৰা কণ্টেইনাৰটোৰ বাবে ইফালৰ পৰা সিফাললৈ দৌৰা-দৌৰি কৰি ভাগৰি পৰে বনৰ ৰজা বাঘ। আচলতে ই আছিল নাহৰফুটুকী বাঘৰ পোৱালি  (leopard cub )। প্ৰায় ৪৮ ঘণ্টা ধৰি এইদৰে ঘূৰি থাকে বাঘৰ পোৱালিটো। সংবাদ সংস্থা পিটিআইৰ মতে, প্ৰায় এবছৰীয়া নাহৰফুটুকী পোৱালিটোৱে পানীৰ বাবে পাত্ৰটোৰ (plastic container) ভিতৰত মূৰটো সুমুৱাইছিল। কিন্তু তেওঁ বাহিৰলৈ উলায়াই আনিব নোৱাৰিলে।

স্থানীয় বন বিভাগৰ এজন বিষয়াই কয় যে পোৱালিটোক বদলাপুৰৰ গোৰেগাঁও অঞ্চলত (Goregaon area of Badlapur) ঘূৰি ফুৰা দেখা গৈছিল। পৰ্যটকে ইয়াৰ এটা ভিডিঅ' বনাই আৰু ই সামাজিক মাধ্যমত ভাইৰেল হয়। বুধবাৰে নিশা বন বিভাগৰ এটা দলে বদলাপুৰৰ অৰণ্যত উপস্থিত হৈ তালাচী অভিযান আৰম্ভ কৰে (Leopard With Head Stuck)।





অৱশেষত, ৩০জনৰো অধিক লোকে মূৰত লাগি থকা পাত্ৰটো উলিয়াই আনে। খাদ্য আৰু পানী অবিহনে দুদিন অতি দুৰ্বল হৈ পৰা বাঘৰ পোৱালিটোক মহাৰাষ্ট্ৰৰ ( Maharashtra) সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যান উদ্ধাৰ কেন্দ্ৰলৈ লৈ যোৱা হয়।
Published by:Gautam Barman
First published: