உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Republic Day 2022: 'মনিকা...ও মাই ডাৰ্লিং'ৰ ছন্দত নাচি উঠিল ভাৰতীয় নৌ সেনাৰ জোৱান, দিল্লীত আলোড়ন

    Republic Day 2022: 'মনিকা...ও মাই ডাৰ্লিং'ৰ ছন্দত নাচি উঠিল ভাৰতীয় নৌ সেনাৰ জোৱান, দিল্লীত আলোড়ন

    Republic Day 2022: ভিডিঅ'টোৱে সামাজিক মাধ্যমত প্ৰচণ্ড সমাদৰ লাভ কৰিছে। একে সময়তে কংগ্ৰেছ (Congress), তৃণমূল কংগ্ৰেছ (TMC), আম আদমী পাৰ্টি (AAP)কে ধৰি কেইবাটাও বিৰোধী দলৰ নেতাই ইয়াত আপত্তি জনাইছে।

    • Share this:
    সমগ্ৰ দেশ গণতন্ত্ৰ দিৱস (Republic Day 2022) উদযাপনত নিমজ্জিত হৈ আছে। এই উপলক্ষে দিল্লীৰ ৰাজপথত গণতন্ত্ৰ দিৱসৰ কুচকাৱাজৰ আখৰা চলি আছে। ভাৰতীয় সেনাৰ জোৱানসকলেও গত্ৰতন্ত্ৰ দিৱস পেৰেডৰ বাবে পূৰ্ণ গতিত আছে। ইফালে ভাৰতীয় নৌসেনাৰ বেণ্ড (Indian Navy Band)টোৰ ৰিহাৰ্চেলৰ এটা ভিডিঅ' ভাইৰেল (Viral Video) হৈ আছে। ভাৰতীয় নৌসেনাৰ জোৱানে বলীউডৰ হিট গান 'মনিকা... ও মাই ডাৰ্লিং' (Monica Oh My Darling)ৰ সুৰত সকলোকে আকৰ্ষিত কৰা দেখা গৈছে। ভিডিঅ'টো MyGovIndiaৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰা হৈছে। এই ভিডিঅ'টোত ভাৰতীয় নৌসেনাৰ জোৱানসকলে ইউনিফৰ্ম পিন্ধি আছে আৰু ৰাইফল লৈ 'মনিকা... ও মাই ডাৰ্লিং' গানটোৰ সুৰত অনুশীলন কৰি আছে।

    এই ভিডিঅ'টো এফালে একাংশই প্ৰশংসা কৰিছে যদিও আনহাতে বিৰোধী দলে ইয়াক সমালোচনা কৰিছে। ভিডিঅ'টোৰ প্ৰতি বিৰোধী দলসমূহৰ নেতাসকলৰ প্ৰতিক্ৰিয়া কি জনাৰ আগতে আপোনাক ভাইৰেল ভিডিঅ'টো দেখুৱাওঁ আহক। MyGovIndiaৰ টুইটাৰ হেণ্ডেলত শিৰোনামত এইদৰে লিখা আছে, "কি দৃশ্য! এই ভিডিঅ'টোৱে নিশ্চিতভাৱে আপোনাক শিহৰিত কৰি তুলিব। আপুনি আমাৰ সৈতে ৭৩ তম গণতন্ত্ৰ দিৱস উদযাপন চাবলৈ সাজু নেকি? এতিয়া পঞ্জীয়ন কৰক আৰু আজি এটা ই-চিট বুক কৰক!

    এই ভিডিঅ'টোৱে সামাজিক মাধ্যমত প্ৰচণ্ড সমাদৰ লাভ কৰিছে। একে সময়তে কংগ্ৰেছ (Congress), তৃণমূল কংগ্ৰেছ (TMC), আম আদমী পাৰ্টি (AAP)কে ধৰি কেইবাটাও বিৰোধী দলৰ নেতাই ইয়াত আপত্তি জনাইছে। টিএমচিৰ সাংসদ মহুয়া মৈত্ৰই টুইটাৰত কয়, "এইটো দেখি গাৰ নোম থিয় নহয়, কিন্তু ই মনটো নষ্ট কৰে। মোডী-শ্বাহে সেনাবাহিনীত আধিপত্য বিস্তাৰ কৰিছে।'
    Published by:Manjumoni Borah
    First published: